প্ৰমাণপত্ৰ জালিয়াতি কৰি নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা ১০০ প্ৰাৰ্থীক তলব CIDৰ, ২১ জনক গ্ৰেপ্তাৰৰ সম্ভাৱনা…

নিউজ ডেস্কঃ ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষাত ভুৱা কম্পিউটাৰ প্ৰমাণপত্ৰ দাখিল কৰাৰ অভিযোগত ১০০ জন প্ৰাৰ্থীক তলব কৰিছে চিআইডিয়ে।

উল্লেখ্য যে, চলিত বৰ্ষৰ ২০, ২৭ ফেব্ৰুৱাৰী আৰু ২৪ এপ্ৰিলত অনুষ্ঠিত হোৱা AB-UB নিযুক্তি পৰীক্ষাত একাংশ প্ৰাৰ্থীয়ে ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰাৰ অভিযোগ উত্থাপন হৈছিল।

অভিযোগ অনুসৰি, এই নিযুক্তি পৰীক্ষাত মুঠ ৪১৪ জন প্ৰাৰ্থীয়ে প্ৰমাণপত্ৰ জালিয়াতি কৰি নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

এই অভিযোগৰ ভিত্তিত তদন্ত কৰি চিআইডিয়ে ১০০ জন প্ৰাৰ্থীক তলব কৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুষ্ঠিত কৰা এই পৰীক্ষাত জালিয়াতিৰে অৱতীৰ্ণ হোৱা ২১ জনক চিআইডিয়ে গ্ৰেপ্তাৰ কৰাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে।

এই সমগ্ৰ জালিয়াতি পোহৰলৈ অহাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।