আৰক্ষীৰ পৰীক্ষাত ভুৱা কম্পিউটাৰ প্ৰমাণপত্ৰ দাখিল, কেইবাগৰাকীও প্ৰার্থী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা…

আৰক্ষীৰ পৰীক্ষাৰ বাবে ভুৱা কম্পিউটাৰ প্ৰমাণপত্ৰ দাখিল কৰি ধৰা পৰিছে কেইবাগৰাকীও প্ৰাৰ্থী।

আৰক্ষীৰ পৰীক্ষাত ভুৱা কম্পিউটাৰ প্ৰমাণপত্ৰ জমা দিয়া প্ৰায় ১০০ প্ৰাৰ্থীক তলৱ CIDৰ।

প্ৰমাণপত্ৰ জালিয়াতি কৰা বহু প্ৰাৰ্থী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা।

২০, ২৭ ফেব্ৰুৱাৰী আৰু ২৪ এপ্ৰিলত অনুষ্ঠিত হৈছিল এই আৰক্ষীৰ পৰীক্ষা ৷

৪১৪ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে উত্থাপিত হৈছিল অভিযোগ। AB আৰু UBৰ পৰীক্ষাত সংঘটিত হৈছিল এই জালিয়াতি।

চাকৰি লাভ কৰি ইতিমধ্যে অনুশীলন আৰম্ভ কৰা বহু প্ৰাৰ্থীক এই মুহূৰ্তত গুৱাহাটীস্থিত উলুবাৰীৰ CID ৰ কাৰ্য্যলয়ত উপস্থিত হৈছে। অন্য বহু প্ৰাৰ্থীয়ো CID ৰ কাৰ্যালয়ত অহাৰ সম্ভাৱনা আছে।

ইয়াৰে ২১ জনক আজি হাজিৰ হোৱাৰ নিৰ্দেশ কৰা হৈছে উলুবাৰী CID অফিচলৈ।

পুৱাৰে পৰা এজন এজনকৈ প্ৰাৰ্থী উপস্থিত হৈছে CID কাৰ্যালয়ত।

অভিযোগ অনুসৰি প্ৰাৰ্থী সকলে কম্পিউটাৰৰ কোনো পাঠ্যক্ৰম গ্ৰহণ নকৰাকৈয়ে উলিয়াইছিল ভুৱা প্ৰমাণপত্ৰ।