ৰাষ্ট্ৰীয়অসমীয়া

হৃদয়বিদাৰক! দুৰ্ঘটনাত পিছতে নৈশ বাছত জুই, অগ্নিদগ্ধ হৈ মৃত্যু ৭ যাত্ৰীৰ

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা।

টেম্পােৰ সৈতে সংঘৰ্ষৰ পিছতে দাওদাওকৈ জ্বলি উঠিল এখন নৈশবাছ।

জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৭ জনকৈ বাছ যাত্ৰীৰ।

G3 3

শুকুৰবাৰে পুৱা ৬ মান বজাত কৰ্ণাটকৰ কালাবুৰাগী জিলাৰ কমলাপুৰা চহৰৰ সমীপত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাত এখন ব্যক্তিগত নৈশ বাছৰ সাতজন যাত্ৰী অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰে।

vlcsnap 2022 06 03 13h43m36s611

জানিব পৰা মতে, টেম্পো আৰু বাছৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত বাছখনত জুইৰ সূত্ৰপাত ঘটে।

গোৱাৰ পৰা হায়দৰাবাদ অভিমুখী বাছখন ২৯ জন যাত্ৰী সৈতে যাত্ৰা কৰিছিল।

ঘটনাৰ পাছতে স্থানীয় লোকৰ মাজত হুৱাদুৱা লাগে। আহতসকলক কালাবুৰাগীৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

নিহত যাত্ৰীসকলৰ সবিশেষ এতিয়াও পােহৰলৈ অহা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *