ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজ্জ্বলিল অসম, পদক জয় দুগৰাকী মহিলা আৰক্ষীৰ…

অসমবাসীৰ বাবে এক ভাল খবৰ।

পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্জ্বলিল অসম কন্যা।

নিজ গুণে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি ৰাজ‍্যবাসীৰ বাবে কঢ়িয়াই আনিছে দুগৰাকী অসমীয়া মহিলা আৰক্ষীয়ে।

নাহৰকটীয়া আৰক্ষী থানাত গৃহৰক্ষী হিচাপে সেৱা আগবঢ়াই থকা নিজৰা বৰুৱাই গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত প্ৰথম স্থান দখলেৰে সোনৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

image 36
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজ্জ্বলিল অসম, পদক জয় দুগৰাকী মহিলা আৰক্ষীৰ... 5

গোৱাত ১৮, ১৯ আৰু ২০ মে’ত ৩ দিন ধৰি অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা খনিত নিজৰাই ৭০ কি.গ্ৰা. শাখাত প্ৰতিনিধিত্ব আগবঢ়াইছিল।

image 37
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজ্জ্বলিল অসম, পদক জয় দুগৰাকী মহিলা আৰক্ষীৰ... 6

টিংখং সমষ্টিৰ ২নং ধমনগাঁৱৰ জিয়ৰী নিজৰাৰ এই সাফল‍্যত নাহৰকটীয়া আৰক্ষী থানাৰ সহকৰ্মী সকল আনন্দত আত্মহাৰা হৈ পৰিছে।

image 38
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজ্জ্বলিল অসম, পদক জয় দুগৰাকী মহিলা আৰক্ষীৰ... 7

আনহাতে, নাহৰকটীয়া থানাৰেই মহিলা আৰক্ষী কনিষ্টবল বিন্দু বাউৰীয়ে দিল্লীত অনুষ্ঠিত মাষ্টাৰচ গেমত দৌৰ খেলত ৫ টাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

image 39
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজ্জ্বলিল অসম, পদক জয় দুগৰাকী মহিলা আৰক্ষীৰ... 8

নিজৰা আৰু বিন্দুৰ এই সাফল‍্যই নিজৰ গৃহজিলাৰ লগতে সমগ্ৰ অসমবাসীৰ বাবেই গৌৰৱ কঢ়িয়াই আনিছে।

Leave a Comment