অসম

আশাৰ খবৰ! কমনৱেলথ গেমছ ২০২২ৰ বাবে ভাৰতীয় দলত স্থান লাভ বক্সাৰ শিৱ থাপাৰ

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক ভাল খবৰ।

কমনৱেলথ গেমছ ২০২২ৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে অসম সন্তান বক্সাৰ শিৱ থাপাৰ।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ট্ৰায়েলত শিৱই জুলাইত অনুষ্ঠিত হ’বলগীয়া কমনৱেল্থ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰি ভাৰতীয় পুৰুষ দলত স্থান লাভ কৰিছে।

ট্ৰায়েলত ২০১৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজয়ী শিৱই ২০১৮ ৰ কমনৱেল্থ গেমছৰ ৰূপৰ পদক বিজয়ী মনীষ কৌশিকক৫-০ ব্যৱধানত পৰাস্ত কৰি এই যোগ্যতা অৰ্জন কৰিছে।

শিৱই প্ৰতিযোগিতাখনত ৬৩.৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াব।

ইয়াৰ পূৰ্বে শিৱই ২০১৪ চনৰ গ্লাচগ’ কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

আনহাতে শিৱৰ উপৰিও অন্যান্য কেইবাটাও শাখাত আন বহু কেইগৰাকী ভাৰতীয় বক্সাৰে যোগ্যতা অৰ্জন কৰিছে।

তেওঁলোকৰ ভিতৰত আছে মহম্মদ হাছামুদ্দিন, ৰোহিত টোকাছ, সুমিত পংঘাল, অমিত পংঘাল, আশীষ কুমাৰ, সঞ্জিত আৰু সাগৰ।

আগন্তুক ২৮ জুলাই পৰা আগষ্টৰ ৮ তাৰিখলৈ অনুষ্ঠিত হ’ব কমনৱেল্থ গেমছ।

Leave a Reply

Your email address will not be published. Required fields are marked *