হৃদয় বিদাৰক! সন্তানসম্ভৱা পত্নীৰ চিকিৎসাৰ ব্যয় বহন কৰি নোৱাৰি চৰম পথ বাচি ল’লে অসীম বৰুৱাই…

নিউজ ডেস্কঃ অন্তঃসত্বা পত্নীৰ প্ৰসৱৰ দিন যিমানেই চমু চাপিছিল, সিমানেই যেন মানসিকভাৱে ভাগি পৰিছিল বোকাখাতৰ সেউজীপাৰৰ নিৱাসী অসীম বৰুৱা।

অৰ্থৰ অভাৱত মানসিক হীনমন্যতাত ভুগা অসীম বৰুৱাই অৱশেষত সন্তানৰ মুখ নেদেখাকৈয়ে গ্ৰহণ কৰিলে জীৱনৰ চৰম সিদ্ধান্ত।

এই মৰ্মান্তিক ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ বোকাখাত।

জানিব পৰা মতে, বোকাখাতৰ সেউজীপাৰৰ নিৱাসী তথা ডিফলু ৰোডৰ এটা শিৱ মন্দিৰৰ পূজাৰীৰ সহায়কৰূপে কৰ্মৰত অসীম বৰুৱা ওৰফে মাইনাৰ পত্নীয়ে জন্ম দিবলৈ ওলাইছিল তেওঁলোকৰ প্ৰথম সন্তান।

সাধাৰণ শ্ৰেণীৰ ব্ৰাহ্মণ হোৱাৰ বাবেই চৰকাৰী আঁচনিৰ পৰাও বঞ্চিত হৈ আৰ্থিক দীনতাৰ মাজেৰে জীৱন অতিবাহিত কৰা অসীম বৰুৱা সন্তানপ্ৰাপ্তিক লৈ যিমান আনন্দিত আছিল, সিমানেই চিন্তিত আছিল পত্নীৰ চিকিৎসা ব্যয়ক লৈও।

সোমবাৰে অসীমে বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত পত্নীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাত চিকিৎসকে বুধবাৰে সন্তান প্ৰসৱৰ সম্ভাৱনা ব্যক্ত কৰি অস্ত্ৰোপচাৰৰ বাবে যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱাৰ পৰামৰ্শ আগবঢ়ায়।

তাৰ পিছতে মঙলবাৰৰ পৰা তেওঁৰ পত্নীৰ দেহত প্ৰসৱজনিত লক্ষণ দেখা দিবলৈ ধৰাত তীব্ৰ আৰ্থিক সংকটৰ কথা চিন্তা কৰি মানসিকভাৱে হতাশ হৈ পৰে অসীম বৰুৱা।

সন্তানসম্ভৱা পত্নীৰ চিকিৎসা ব্যয় বহন কৰিব নোৱাৰাৰ ভয়তেই অৱশেষত সন্তান জন্মপোৱাৰ এদিন পূৰ্বে আত্মহননৰ পথ বাচি লয় অসীম বৰুৱাই।

ইফালে স্বামীৰ মৃত্যুৰ পিছতে স্থানীয় কেইগৰাকীমান হৃদয়বান লোকে অৰ্থ সংগ্ৰহ কৰি গৰ্ভৱতী পত্নীক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱায়।

য’ত বুধবাৰে নিশা প্ৰায় ৮.১৫ বজাত এটি মৰমলগা পুত্ৰ সন্তান জন্ম দিয়ে অসীম বৰুৱাৰ পত্নীয়ে।

উল্লেখ্য যে, কোভিডকালীন সময়তে বহিঃৰাজ্যত মৃত্যু ঘটিছিল অসীমৰ ভাতৃ অঞ্জন বৰুৱাৰো।

ইয়াৰ পিছতে অন্তঃসত্বা পত্নীৰ চিকিৎসা ব্যয় বহন কৰিব নোৱাৰি চৰম সিদ্ধান্ত বাচি লয় অসীম বৰুৱাইও। যি ঘটনাই এতিয়া বোকাখাতৰ সচেতন মহলৰ মাজত শোকৰ বন্যা নমাইছে।