নিউজ ডেস্কঃ ৰাজপথত চলন্ত স্কুটীৰ ওপৰত ৰোমান্স কৰি বিপদত পৰিল এহাল প্ৰেমিক-প্ৰেমিকা।
দুয়োৰে আজৱ প্ৰেম নিবেদনৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত যুৱকজনক। জিম্মাত লৈছে স্কুটীখনো।
দৰাচলতে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ এটা ব্যস্ত পথত আজৱ ৰূপত স্কুটীৰ ওপৰত দেখা গৈছিল এহাল প্ৰেমিক-প্ৰেমিকাক।
लखनऊ की सड़कों पर दिखे 'इश्कजादे'
— News24 (@news24tvchannel) January 18, 2023
◆ चलती स्कूटी पर खुलेआम किस करते हुए दिखे युवक और युवती #Lucknow pic.twitter.com/zRFBMqJNeV
এজন যুৱকে চলাই থকা স্কুটীখনত বিপৰীতফালে মুখ কৰি বহি গৈছিল নাবালিকা প্ৰেমিকা।
আনকি চলন্ত স্কুটীৰ ওপৰতে ৰোমাঞ্চতো ব্যস্ত হৈ পৰিছিল এই যুটিহাল।
কিন্তু দুয়োৰে এনে অশ্লীল মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আৰক্ষী তৎপৰ হৈ পৰে।
পৰৱৰ্তী সময়ত চিচিটিভি ফুটেজৰ আধাৰত অভিযান চলাই আৰক্ষীয়ে স্কুটী চালক যুৱকজনৰো সন্ধান উলিয়াবলৈ সক্ষম হয়।
Uttar Pradesh | A video came to light, y'day, showing a man & a minor girl sitting on a scooter in an inappropriate manner, under Hazratganj PS in Lucknow. Case was filed under IPC sec 294, 279. Driver Vicky Sharma, 23, detained & his scooter has been seized: Lucknow Police pic.twitter.com/DQX6Lttyie
— ANI UP/Uttarakhand (@ANINewsUP) January 18, 2023
আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত ২৩ বৰ্ষীয় বিকি শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ লগতে স্কুটীখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।









