নিউজ ডেস্কঃ প্ৰেমত ঘূৰে ভূমণ্ডল, প্ৰেমত ফুলে শতদল! কিন্তু এই প্ৰেমৰ বাবেই তালিবানী শাস্তি ভুগিবলগীয়া হ’ল এগৰাকী যুৱতীয়ে।
এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নগৰবেৰাৰ টুপামাৰীৰ বদলা পথাৰত।
অন্য যুৱতীৰ সৈতে বিবাহ ঠিক হোৱা প্ৰেমিকক লগ কৰিবলৈ যোৱাৰ বাবেই প্ৰেমিকাক নিৰ্মমভাৱে মাৰধৰ কৰি পথৰ দাঁতিত পেলাই থলে যুৱকৰ পৰিয়ালে।
বৃহস্পতিবাৰে নিশা সংঘটিত এই ভয়ংকৰ ঘটনাই সমগ্ৰ নগৰবেৰাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, বদলা পথাৰৰ বাহাৰ আলীৰ পুত্ৰ নীলছান আলীৰ সৈতে দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্ক আছিল ৩নং দক্ষিণ ৰাঙাপানী গাঁৱৰ এগৰাকী যুৱতীৰ।
আনকি শেহতীয়াকৈ আৰক্ষীৰ মধ্যস্থতাত বিবাহ চুক্তিও সম্পন্ন হৈছিল যুৱক-যুৱতীহালৰ মাজত।
কিন্তু তাৰ পিছতে অন্য এগৰাকী যুৱতীৰ সৈতে নীলছান আলীৰ বিয়া ঠিক কৰে পৰিয়ালে।
এই কথা গম পোৱাৰ পিছতে মনত সাহস গোটাই প্ৰেমিক নীলছানক লগ কৰিবলৈ ঘৰলৈ যায় যুৱতীগৰাকী।
কিন্তু প্ৰেমিকৰ ঘৰত প্ৰৱেশ কৰা মাত্ৰকেই যুৱকজনৰ পৰিয়াল নৃশংসভাৱে জঁপিয়াই পৰে যুৱতীগৰাকীৰ ওপৰত।
যুৱতীগৰাকীক তালিবানী শাস্তি বিহি পথৰ দাঁতিত পেলাই থৈ যায় প্ৰেমিকৰ পৰিয়ালে।
পিছত ঘটনাস্থলীত আৰক্ষী আৰু স্থানীয় লোক উপস্থিত হৈ মুমূৰ্ষ অৱস্থাত যুৱতীগৰাকীক উদ্ধাৰ কৰি ভৰ্তি কৰোৱায় চিকিৎসালয়ত।
এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।
দোষীক কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে যুৱতীগৰাকীৰ পৰিয়ালৰ লগতে অঞ্চলবাসীয়ে।