অৱশেষত ন্যায় পালে তিনিচুকীয়াৰ পঞ্চ শ্বহীদে! আলফা সজাই ২৯ বছৰ পূৰ্বে হত্যা কৰা ৫ নিৰীহৰ পৰিয়াললৈ ২০ লাখ টকাকৈ ক্ষতিপূৰণৰ নিৰ্দেশ আদালতৰ…

নিউজ ডেস্কঃ অৱশেষত ন্যায় পালে তিনিচুকীয়া জিলাৰ ডাঙৰীৰ পঞ্চ শ্বহীদৰ পৰিয়ালে।

সুদীৰ্ঘ ২৯ বছৰীয়া আইনী যুঁজৰ পিছত ৫ শ্বহীদৰ পৰিয়ালৰ সপক্ষে ৰায় প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিলে আদালতে।

বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ২৯ বছৰ পুৰণি এই ভুৱা এনকাউণ্টাৰ কাণ্ডৰ ৰায় প্ৰদান কৰি শ্বহীদ কেইগৰাকীৰ পৰিয়ালক ২০ লাঠ টকাকৈ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, ১৯৯৪ চনত তিনিচুকীয়াৰ ডাঙৰীত সংঘটিত হৈছিল এক লোমহৰ্ষক ঘটনা।

আলফা সজাই সেনাই গুলীয়াই হত্যা কৰিছিল ৫ জনকৈ নীৰিহ লোকক।

সেনাৰ গুলীত সেই সময়ত নিহত হৈছিল প্ৰবীণ সোণোৱাল, অখিল সোণোৱাল, দেৱজিত বিশ্বাস, ভৱেন মৰাণ আৰু প্ৰদীপ দত্ত।

এই ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত আইনী যুঁজ চলাইছিল তেতিয়াৰ আছুৰ উপ-সভাপতি তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই।

ইফালে এই ঘটনাৰ পিছতে কোৰ্ট মাৰ্শ্বাল হৈছিল অভিযুক্ত সেনা বিষয়া আৰু জোৱানৰো।

কিন্তু সুদীৰ্ঘ ২৯ বছৰ ধৰি চলা এই আইন যুঁজখনৰ অৱশেষত অন্ত পৰিল।