সুন্দৰী কৃষি বিষয়াৰ নকল নোটৰ বেহা! কু-কাণ্ড পোহৰলৈ অহাৰ পিছতে গ্ৰেপ্তাৰ, কৰা হ’ল নিলম্বন…

নিউজ ডেস্কঃ নকল নোটৰ বেহা মেলি গ্ৰেপ্তাৰ হ’ল এগৰাকী সুন্দৰী কৃষি বিষয়া।

বুধবাৰে কৃষি বিষয়াগৰাকীক আৰক্ষীয়ে নকল নোটৰ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছতে বৃহস্পতিবাৰে তেওঁক চৰকাৰী সেৱাৰ পৰা নিলম্বন কৰা হয়।

এই ঘটনা সংঘটিত হৈছে কেৰালাৰ এদাথুৱাত।

জানিব পৰা মতে, দুদিন পূৰ্বে এগৰাকী মাছ ধৰা সামগ্ৰী বিক্ৰেতাই বেংকত টকা জমা থবলৈ যাওতেই ৫০০ টকীয়া ৭ খন নকল নোট তেওঁৰ পৰা উদ্ধাৰ হয়।

ইয়াৰ পিছতে ব্যৱসায়ীজনক নকল নোট সন্দৰ্ভত জেৰা চলোৱাত এদাথুৱাৰ মহিলা কৃষি বিষয়া এম জিছামোলে তেওঁক এই নকল নোটখিনি যোগান ধৰাৰ কথা স্বীকাৰ কৰে।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে কৃষি বিষয়াগৰাকীক আটক কৰি সোধাপোছা চলাই যদিও কোনো তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰাত অৱশেষত বুধবাৰে তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আনহাতে গ্ৰেপ্তাৰৰ পিছতে চৰকাৰী সেৱাৰ পৰাও নিলম্বন কৰা হয় এম জিছামোলক।

উল্লেখ্য যে, কেৰালাৰ আলাপুঝাৰ নিৱাসী সুন্দৰী এম জিছামোল এগৰাকী মডেলও।

কেইবাটাও ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰা জিছামোলে পূৰ্বে এয়াৰ হোষ্টেজ হিচাপেও কাম কৰিছিল।

২০০৯ চনত স্বাইচেছ ব’ৰ্ডত ক্ষেত্ৰ বিষয়া হিচাপে চৰকাৰী সেৱাত যোগদান কৰা এম জিছামোলে ২০১৩ চনত কৃষি বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।