হৃদয় বিদাৰক! বাট হেৰুৱাই পৰিত্যক্ত কুঁৱাত পৰিল বন্যহস্তী, মৃত্যু

নিউজ ডেস্কঃ এক হৃদয় বিদাৰক দৃশ্য!

বাট ভুল কৰি পৰিত্যক্ত কুঁৱাত পৰি কৰুণ মৃত্যু এটা মাইকী বনৰীয়া হাতীৰ।

এই শোকাবহ ঘটনা সংঘটিত হয় কেৰালাৰ পেৰুম্বাভুৰৰ সমীপৰ কোডানাডত।

শনিবাৰে পুৱা এটা পৰিত্যক্ত দ কুঁৱাৰ ভিতৰত উদ্ধাৰ হয় মাইকী হাতীজনীৰ মৃতদেহ।

স্থানীয় ৰাইজে হাতীজনীক প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়াৰ পিছতে ঘটনাস্থলীত বন বিভাগৰ লোক আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ হাতীৰ মৃতদেহটো কুঁৱাৰ পৰা তুলিবলৈ চেষ্টা চলায়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পুৱতি নিশা প্ৰায় ৩ বজাত হাতীটো কুঁৱাৰ ভিতৰত পৰিছিল আৰু আঘাতৰ ফলত মৃত্যু ঘটে।

ইফালে স্থানীয় লোকে অভিযোগ কৰা অনুসৰি, অঞ্চলটোত প্ৰায়ে বন্যহস্তীৰ জাক জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আহিছে।

হাতীৰ জাকৰ সৈতে অহা মাইকী হাতীটোৱে বাট হেৰুৱাই কুঁৱাৰ ভিতৰত পৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।