নিউজ ডেস্কঃ মৃত পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে গৈ থকাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাই অকাল মৃত্যু মাতি আনিলে দুই পুত্ৰসহ ৬ আত্মীয়ৰ জীৱনলৈ।
নিশা উত্তৰ প্ৰদেশৰ শ্ৰাৱস্তী জিলাত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত আহত হয় আন ৮ জন লোক।
জানিব পৰা মতে, শুকুৰবাৰে নিশা শ্ৰাৱস্তী জিলাৰ ইকৌনা ঞ্চলৰ কৰ্মোহনা ডকাহি গাঁৱৰ নিৱাসী ভগৌতি প্ৰসাদ নামৰ এগৰাকী ৭০ বৰ্ষীয় বৃদ্ধই শেষ নিশ্বাস ত্যাগ কৰে।
পিতৃৰ বিয়োগৰ খবৰ লাভ কৰি নিশাই লুধিয়ানাত কৰ্মৰত ভগৌতি প্ৰসাদৰ ৪ পুত্ৰসহ ১৪ জন আত্মীয়ই এখন ইনোভা বাহনেৰে কৰ্মোহানা ডাকাহি গাঁওলৈ ৰাওনা হয়।
কিন্তু তেওঁলোক আহি থকাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ সোণৰাই গাঁৱৰ সমীপত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত প্ৰচণ্ড জোৰে খুন্দা মাৰে।
দুৰ্ঘটনাৰ ফলত বাহনখনত থকা ৬ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন ৮ জন।
নিহত সকলক প্ৰয়াত ভগৌতি প্ৰসাদৰ পুত্ৰ মুকেশ কুমাৰ (৩০) আৰু পুত্তীলাল (২৮), ভতিজা হীৰালাল ওৰফে শৈৰেন্দ্ৰ গুপ্তা (৩০), ভাই বোৱাৰী ৰামা দেৱী (৪২), হীৰালালৰ ৯ বছৰীয়া পুত্ৰ অমিত আৰু চালক হৰিশ কুমাৰ বুলি চিনাক্ত কৰা হৈছে।
দুৰ্ঘটনাত ভগৌতি প্ৰসাদৰ আন দুগৰাকী পুত্ৰসহ ৮ জন আত্মীয় আহত হয়।
আহত সকলক আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱায়।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, গাড়ী চলাই থাকোতেই চালকজন টোপনি যোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয়।
এই ভয়ংকৰ দুৰ্ঘটনাটোৱে শোকস্তব্ধ কৰি তুলিছে গোটেই পৰিয়ালটোক।