অৰুণাচল প্ৰদেশঅসমীয়া

হিমস্খলনত আবদ্ধ সেনাৰ ৭ গৰাকী সেনা জােৱান শ্বহীদ, মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক। যােৱা ৬ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ কামেং জিলাত বৰফাবৃত্ত অঞ্চলত টহল দি থকা অৱস্থাত হিমস্খলনৰ ফলত সন্ধানহীন হােৱা ৭ গৰাকী সেনা জােৱান শ্বহীদ হৈছে।

এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ভাৰতীয় সেনাই।

G04

সেনাই প্ৰকাশ কৰা অনুসৰি, এই ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে আৰম্ভ হােৱা উদ্ধাৰ অভিযান জােৱান কেইজনৰ মৃতদেহ উদ্ধাৰ হােৱাৰ পাছত মংগলবাৰে বাতিল কৰা হয়।

দুৰ্ভাগ্যবশতঃ উদ্ধাৰকাৰী বাহিনীৰ অশেষ চেষ্টাৰ পিছতাে জােৱানকেইজনৰ প্ৰাণৰক্ষা সম্ভৱপৰ নহ’ল।

উল্লেখ্য যে সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ১৪৫০০ ফুট উচ্চতাত অৱস্থিত এই অঞ্চলটোত যোৱা কেইদিনমানৰ পৰা প্ৰচণ্ড তুষাৰপাত হৈছিল।

273494234-485603833018413-9059783828586377091-n

কিন্তু ইয়াৰ পাছতাে দেশৰ সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা ভাৰতীয় সেনাৰ জােৱানসকলে প্ৰতিকূল বতৰকাে নেওচি অঞ্চলটােৰ সীমান্তক সুৰক্ষা দিছিল।

জানিব পৰা মতে, সেনা জােৱানকেইজনৰ মৃতদেহ বৰ্তমান হিমস্খলনস্থলীৰ পৰা নিকটৱৰ্তী সেনা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।

শ্বহীদ জােৱানকেইজনৰ প্ৰকৃত পৰিচয় এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই ভাৰতীয় সেনাই।

Leave a Reply

Your email address will not be published. Required fields are marked *