হােটেলত আহাৰ গ্ৰহণ কৰি ওভতাৰ পথত দুৰ্ঘটনা, ৫ বন্ধুৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

নিশা হােটেলত একেলগে আহাৰ গ্ৰহণ কৰি ঘৰলৈ ওভতাৰ পথত পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৫ বন্ধুৰ।

সোমবাৰে নিশা ৰাজস্থানৰ জালোৰৰ আহোৰ-তখতগড়ৰ ৩২৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই পথ দুৰ্ঘটনা সংঘটিত হয়।

এই ভয়ানক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় ৫ জনকৈ যুৱক।

G1 26
হােটেলত আহাৰ গ্ৰহণ কৰি ওভতাৰ পথত দুৰ্ঘটনা, ৫ বন্ধুৰ কৰুণ মৃত্যু 2

প্ৰাপ্ত তথ্য অনুসৰি, এখন গাড়ীৰে যুৱককেইজনে তখতগড়ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে চাৰ্লিলৈ আহি থকাৰ সময়তে তীব্ৰ গতিবেগৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই গ্ৰেনাইট ব্লকভৰ্তি এখন ৰখাই থোৱা ট্ৰেইলাৰত খুন্দা মাৰে।

দুৰ্ঘটনাটো ইমানেই প্ৰবল আছিল যে গাড়ীখনৰ সন্মুখৰ অংশটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।

আৰক্ষীয়ে জনোৱা মতে, শোকাবহ ঘটনাটোত নিহত সকলক ৰামলাল প্ৰজাপত (২৪), কমলেশ প্ৰজাপত (২৫), ছগন লাল প্ৰজাপত (২৫), দিনেশ কুমাৰ প্ৰজাপত (২৪) আৰু মানৰাম প্ৰজাপত (২৪) বুলি চিনাক্ত কৰা হৈছে ।

ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছতে, স্থানীয় লোকসকল ঘটনাস্থলীলৈ ঢাপলি মেলে আৰু ঘটনা সম্পৰ্কে আৰক্ষীক অৱগত কৰে।

দুৰ্ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ পিছতে, আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহবোৰ চিকিৎসালয়ৰ শৱগৃহলৈ স্থানান্তৰিত কৰে।

প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে ট্ৰেইলাৰখনৰ পিছফালৰ টায়াৰটো বিস্ফোৰিত হোৱাৰ ফলত চালকজনে ট্ৰেইলাৰখন ৰাস্তাৰ কাষত ৰখাবলৈ চেষ্টা কৰি থাকোঁতেই গাড়ীখন ট্ৰেইলাৰখনত খুন্দা মাৰে। ফলত, চালকজনে ট্ৰেইলাৰখন আঁতৰাই লৈ যায় আৰু গাড়ীখন প্ৰায় ৫ কিলোমিটাৰ দুৰত্বলৈ টানি নিয়ে।

দুৰ্ঘটনাটোৰ পিছত, ক্ষুব্ধ গাওঁবাসীয়ে মঙলবাৰে ৰাতিপুৱা ৰাজপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

গাওঁবাসীয়ে মৃতকৰ আত্মীয়সকলক ক্ষতিপূৰণ দিবলৈ দাবী কৰাৰ লগতে ট্ৰেইলাৰ চালকজনৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিবলৈ দাবী জনাইছে।

ডিএছপি হিম্মত সিং আৰু এছএইচঅ’ নিৰঞ্জন প্ৰতাপ সিঙে গাওঁবাসীৰ সৈতে আলোচনা কৰি বিষয়টো শান্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।