লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতক সালসলনিঃ দুগৰাকী নাৰ্চক নিলম্বিত…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতক সালসলনিৰ ঘটনাৰ পিছতে নিলম্বিত হ’ল ২ গৰাকী নাৰ্চ।

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত শিশু সালসলনিৰ দৰে ভয়ানক কাণ্ডই সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল‍্যৰ সৃষ্টি কৰিছিল।

এই কাণ্ডৰ পিছতে শিশুটিৰ পৰিয়ালত সৃষ্টি হৈছিল উদ্বেগজনক পৰিস্থিতিৰ। কিন্তু পিছতহে ওলাল উৰহী গছৰ ওৰ।

প্ৰকৃততে চয়নিকা দাস নামৰ প্ৰসুতি গৰাকীয়ে কন্যা সন্তানৰে জন্ম দিছিল।

কিন্তু কাণ্ডজ্ঞানহীন ভাৱে সেই সময়ত কৰ্তব্যৰত নাৰ্চ দুগৰাকীয়ে ভুলবশত: পুত্ৰ সন্তান বুলি পঞ্জীয়ন কৰিছিল।

ইতিমধ্যে ঘটনা সন্দৰ্ভত জানিব পাৰি চিকিৎসালয় কৰ্তৃপক্ষই জুলি বৰুৱা আৰু ৰুবী বৰুৱা হাজৰিকা নামৰ নাৰ্চ দুগৰাকীক কৰ্তব্যত অৱহেলা কৰাৰ অপৰাধত সাময়িক ভাৱে নিলম্বন কৰিছে।

উল্লেখ্য যে, দুয়োগৰাকী নাৰ্চে জন্মৰ পিছতে পূৰণ কৰিবলগীয়া সকলো নথিপত্ৰতে কন‍্যাৰ পৰিবৰ্তে পুত্ৰ সন্তান বুলি পঞ্জীয়ন কৰিছিল।

তেওঁলোক দুয়োগৰাকীৰ উপৰিও সেই সময়ত কৰ্তব্যত উপস্থিত থকা আন কেইগৰাকী কৰ্মচাৰীলৈও কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।