কৰুণ পৰিসমাপ্তি! মৃত্যুৰ বাটেৰে একেলগে গুচি গ’ল ৪ অভিন্ন বন্ধু…

নিউজ ডেস্কঃ মৃত্যু কাৰ জীৱনলৈ কেতিয়া আৰু কিদৰে আহে কোনে জানে!

প্ৰচণ্ড বৰুষণৰ পিছত প্লাৱিত হৈ পৰিছিল চৌদিশ। গাড়ীৰ সন্মুখৰ গ্লাচত কিনকিনকৈ পৰিছিল বৰষুণৰ টোপালবোৰ… খিৰিকিখন মেলি দিলেই শীতল বতাহ এজাকে মন-প্ৰাণ চুই যোৱাৰ বতৰ তেতিয়া।

প্ৰকৃতিৰ এনে অনন্য ৰূপৰ মাজেৰে লাহে লাহে আগবাঢ়িছিল ৫ বন্ধুৱে যাত্ৰা কৰা হোণ্ডাই বাহনখন। মাজে মাজে সন্মুখৰ হুইপাৰেৰে আইনাখন চাফা কৰি চিকুণ কৰি লৈছিল বৰষুণৰ বাট। ৫ বন্ধুৰ মাজত চলিছিল কথাৰ আড্ডা। সমাজ.. ৰাজনীতি… বৰষুণ… বান… অনেক কথা!

image 2022 06 28 16 24 48
কৰুণ পৰিসমাপ্তি! মৃত্যুৰ বাটেৰে একেলগে গুচি গ’ল ৪ অভিন্ন বন্ধু… 6

যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ৫ বন্ধুৰ হোণ্ডাই বাহনখনে এঠাইত নিয়ন্ত্ৰণ হেৰুৱায় পেলায়। সেয়া ঠাইখিনিয়েই আছিল কলিয়াবৰৰ কাঞ্চনজুৰি। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তেওঁলোকে আহি থকাৰ সময়তে কাঞ্চনজুৰিত পথৰ পৰা বাগৰি দ খাৱৈত পৰে তেওঁলোকৰ বাহনখন।

image 2022 06 28 16 25 00
কৰুণ পৰিসমাপ্তি! মৃত্যুৰ বাটেৰে একেলগে গুচি গ’ল ৪ অভিন্ন বন্ধু… 7

লাহে লাহে দ খাৱৈৰ বুকুত অদৃশ্য হ’বলৈ ধৰা বাহনখনৰ সন্মুখৰ আইনা ভাগি এজন বন্ধু বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হল ঠিকেই, কিন্তু কাৰোবাক সহায়ৰ বাবে মতাৰ পূৰ্বে বা নিজে আঘাতপ্ৰাপ্ত শৰীৰেৰে সহায় কৰাৰ পূৰ্বেই সম্পূৰ্ণৰূপে ডুব যায় বাহনখন। যাৰ ফলত কৰুণ মৃত্যুৱ সাৱটি লয় আন ৪ অভিন্ন বন্ধুৱে।

image 2022 06 28 16 24 53
কৰুণ পৰিসমাপ্তি! মৃত্যুৰ বাটেৰে একেলগে গুচি গ’ল ৪ অভিন্ন বন্ধু… 8

এই শোকাবহ দুৰ্ঘটনাই আজি ম্ৰিয়মান কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীক। দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱায় ৪ বন্ধু ৰোহিত দাস (২৩), ঋষভ দাস (১৯), অংকুৰ জ্যোতি বৰা (২০) আৰু ৰাহুল সেনাপতি (২০)য়ে। আনহাতে কথমপি প্ৰাণ ৰক্ষা পৰে আনজন বন্ধু শচীন বৰদলৈৰ।

image 2022 06 28 16 25 05
কৰুণ পৰিসমাপ্তি! মৃত্যুৰ বাটেৰে একেলগে গুচি গ’ল ৪ অভিন্ন বন্ধু… 9

চকুৰ সন্মুখতে ৪ বন্ধুৰ মৃত্যুত শোকত ভাগি পৰিছে শচীন। বন্ধুৰ জীৱন ৰক্ষা কৰিব নোৱাৰাৰ দুখে ম্ৰিয়মান কৰি তুলিছে তেওঁক। গাড়ীৰ চিল্টবেল্ট পৰিধান কৰি থকাৰ বাবেই ডুবিবলৈ ধৰা বাহনখনৰ পৰা বন্ধুকেইজন ওলাই আহিব নোৱাৰিলে বুলিও সন্দেহ কৰিছে শচীনে।

image 2022 06 28 16 25 10
কৰুণ পৰিসমাপ্তি! মৃত্যুৰ বাটেৰে একেলগে গুচি গ’ল ৪ অভিন্ন বন্ধু… 10

ইফালে যুৱক কেইজনৰ মৃত্যুৰ খবৰ লাভ কৰিয়েই কান্দোনৰ ৰোল উঠিছে ৰোহিত, ঋষভ, অংকুৰ আৰু ৰাহুলৰ পৰিয়ালত। এনে এক ভয়ংকৰ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা ৪ যুৱকৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসীও।