ৰাষ্ট্ৰীয়অসমীয়া

শিকলিৰে বন্ধা ‘বন্ধু’ৰ সৈতে ফটো উঠি বিপদত পৰিল অভিনেত্ৰী! গােচৰ ৰুজু…

নিউজ ডেস্ক। পুনৰ বিতৰ্কৰ শিৰোনামত বঙালী অভিনেত্ৰী শ্ৰাৱন্তী।

এইবাৰ সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা এখন ফটোক লৈ বিতৰ্কৰ আওতাত সোমাই পৰিছে শ্ৰাৱন্তীৰ নাম।

2

ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছে। চৰ্চা অনুসৰি, দোষী সাব্যস্ত হ’লেই অভিনেত্ৰীগৰাকী যাব লাগিব পাৰে কাৰাগাৰলৈ।

দৰাচলতে যোৱা ১৫ জানুৱাৰীত অভিনেত্ৰী শ্ৰাৱন্তীয়ে তেওঁৰ ফেচবুক একাউণ্টত শ্বেয়াৰ কৰিছিল এখন ফটো। সেই ফটোখনত অভিনেত্ৰীগৰাকীয়ে হাতত শিকলিৰে বন্ধা এটা নেউল লৈ থকা পৰিলক্ষিত হৈছিল।

এই ছবিখন শ্বেয়াৰ কৰি শ্ৰাৱন্তীয়ে কেপশ্যনত লিখিছিল- ‘হঠাৎ সৰু বন্ধুজনৰ সৈতে দেখা হ’ল।’

p6

অভিনেত্ৰীগৰাকীয়ে এই ফটোখন শ্বেয়াৰ কৰাৰ পিছতে সামাজিক মাধ্যমত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। শ্ৰাৱন্তীয়ে বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘন কৰাৰো অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, শ্ৰাৱন্তীৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ ধাৰা ৯, ১১, ৩৯, ৪৮এ, ৪৯এৰ অধীনত এটা গোচৰো পঞ্জীয়ন কৰা হৈছে।

ইয়াৰ পিছতে তেওঁ অতি সোনকালে কলকতাৰ চ’ল্টলেকস্থিত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ কোষ আৰু ডাটা মেনেজমেণ্ট ইউনিটৰ সন্মুখত হাজিৰ হ’ব লাগিব।

তাতে তেওঁক সোধা-পোছা কৰাৰ অন্তত দোষী সাব্যস্ত হ’লে গ্ৰেপ্তাৰো কৰা হ’ব পাৰে বুলি চৰ্চা চলিছে।

Srabanti 1

অৱশ্যে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সন্দৰ্ভত এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। শ্ৰাৱন্তীৰ অধিবক্তা এছ কে হাবিবুদ্দিনে প্ৰকাশ কৰা মতে, সমগ্ৰ বিষয়টো ভালদৰে বুজি উঠাৰ পিছতহে অভিনেত্ৰীগৰাকীয়ে নিজৰ মত ব্যক্ত কৰিব।

Srabanti 2

ইফালে এগৰাকী জ্যেষ্ঠ বন বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, “বন্যপ্ৰাণীক এনেদৰে বন্দী কৰি ৰখাটো কেৱল অপৰাধেই নহয়, কিন্তু যদি শ্ৰাবান্তীৰ দৰে তাৰকাই এনে কাম কৰে, তেন্তে ইয়াৰ দ্বাৰা বহু লোক প্ৰভাৱিত হ’ব পাৰে। বন বিভাগৰ সৈতে সহযোগিতা কৰা উচিত আৰু বন্যপ্ৰাণী সংৰক্ষণৰ এই যুঁজত আমাক সহায় কৰা উচিত।’’

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বহুবাৰ বিতৰ্কৰ আওতাত সোমাই চৰ্চা লাভ কৰিছে বঙালী অভিনেত্ৰী শ্ৰাৱন্তীয়ে। পূৰ্বে বহুবাৰ বিবাহ বিচ্ছেদক লৈ বিতৰ্কিত হৈছিল অভিনেত্ৰীগৰাকী।

Leave a Reply

Your email address will not be published. Required fields are marked *