অসমঅসমীয়া

বাছৰ সৈতে সংঘৰ্ষত নিহত স্কুটী আৰোহী যুৱক-যুৱতী

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

যাত্ৰীবাহী বাছৰ সৈতে মুখামুখি সংঘৰ্ষ স্কুটীৰ। থিতাতে মৃত্যু স্কুটী আৰােহী দুই যুৱক-যুৱতীৰ।

যোৰহাটৰ ম’হবন্ধাত সংঘটিত হ’ল এই শােকাৱহ পথ দুৰ্ঘটনা।

নিহত স্কুটী আৰােহী দুজনৰ নাম ৰক্তিম বৰা (৩੦) আৰু স্মৃতিৰেখা বৰা (২২) বুলি জানিব পৰা গৈছে।

p1 2

ঘটনাৰ বিৱৰণী অনুসৰি, যোৰহাট অভিমুখে গৈ থকা AS-03U-5260 নম্বৰৰ স্কুটীৰ সৈতে বিপৰীত দিশৰ পৰা আহি থকা AS-01DD-7777 নম্বৰৰ এখন তীব্ৰবেগী যাত্ৰীবাহী বাছৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

এই দুৰ্ঘটনা ইমানেই ভয়াৱহ আছিল যে স্কুটীখন সম্পুৰ্ণৰূপে চুৰ্ণ বিচুৰ্ণ হৈ পৰে।

এই দুৰ্ঘটনা নিহত ৰক্তিম বৰাৰ ঘৰ গোলাঘাটৰ খনিকৰ গাঁৱত আৰু স্মৃতিৰেখা বৰা নামৰ যুৱতী গৰাকীৰ ঘৰ পুলিবৰ থানাৰ অন্তৰ্গত বৰখঙীয়া গাঁৱত বুলি জানিব পৰা গৈছে।

G7

পথ দুৰ্ঘটনাটোৰ পাছতে একাংশ ক্ষােতিভ লােগে বাছখনৰ ক্ষতিসাধন কৰে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

লগতে চাওকঃ

বিয়ালৈ মাজত এটা মাহ থকাৰ অৱস্থাত দুৰ্ঘটনাত বাগদত্তাসহ যুৱকৰ মৃত্যু

G1 2

Leave a Reply

Your email address will not be published. Required fields are marked *