ৰাষ্ট্ৰীয়অসমীয়া

হাজাৰ-হাজাৰ শিক্ষাৰ্থীৰ হিংসাত্মক প্ৰতিবাদ, ক্ষুব্ধ শিক্ষাৰ্থীয়ে জ্বলাই দিলে যাত্ৰীবাহী ৰে’ল…

নিউজ ডেস্ক। হাজাৰ-হাজাৰ শিক্ষাৰ্থীৰ হিংসাত্মক প্ৰতিবাদ উত্তাল বিহাৰৰ গয়া।

একাংশ ক্ষুব্ধ শিক্ষাৰ্থীয়ে জ্বলাই দিলে যাত্ৰীবাহী ৰে’ল, ভাঙি লণ্ড ভণ্ড কৰিলে ৰে’ল ষ্টেচনো।

FKBm-FWca-QAU1g-Ou

বিহাৰত ৰেইল বিভাগৰ পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগ তুলি হাজাৰ-হাজাৰ ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীয়ে গয়া জংচনত উপস্থিত হৈ তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে।

প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণো কৰে।

ভভুৱা-পাটনা ইণ্টাৰচিটি এক্সপ্ৰেছত অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীসকলে।

শ্ৰমজীৱী এক্সপ্ৰেছৰো ব্যাপক ক্ষতি সাধন কৰে প্ৰতিবাদকাৰীসকলে।

FKBm-Jp-Hag-AACUfm

ঘটনাৰ গুৰুত্ব বুজি লগে লগে জিলা আৰক্ষী আৰু ৰেইল আৰক্ষী ঘটনাস্থলত উপস্থিত হৈ প্ৰতিবাদকাৰীক আঁতৰাবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰে।

বৰ্তমান, পৰিস্থিতি অতি উদ্বেগজনক হৈ আছে আৰু ৰেইল ষ্টেচনত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

উল্লেখ্য যে ৰে’ল বিভাগৰ (RRB-NTPC) পৰীক্ষাত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ তুলিয়েই পৰীক্ষাৰ্থীসকলে বিহাৰত সোমবাৰৰ পৰাই প্ৰতিবাদ অব্যাহত ৰাখিছে।

লগতে চাওকঃ

বিলাসী গাড়ী-ঘােঁৰাত নহয়, এছকেভেটৰত উঠি কইনা ঘৰত উপস্থিত হ’ল দৰা!

G9

বিপদত পৰিল খান ছাৰ! হিংসাত্মক ঘটনাত উচটনি দিয়াৰ অভিযােগত গােচৰ ৰুজু

S3

Leave a Reply

Your email address will not be published. Required fields are marked *