নিউজ ডেস্ক। অ-কাৰিকৰী জনপ্ৰিয় শ্ৰেণী (আৰআৰবি এনটিপিচি)ৰ বাবে ৰে’লৱে নিযুক্তি ব’ৰ্ডে অনুষ্ঠিত কৰা পৰীক্ষাক লৈ হোৱা বিতৰ্কৰ মাজতে পাটনাত প্ৰখ্যাত শিক্ষক আৰু ইউটিউবাৰ খান ছাৰ আৰু অন্যান্যসকলৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে।

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা খান ছাৰৰ বিৰুদ্ধে সোমবাৰে পাটনাত এক প্ৰতিবাদৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে।
উল্লেখ্য যে, ৰাজেন্দ্ৰ নগৰ ৰে’লৱে টাৰ্মিনেলত সোমবাৰে হাজাৰ হাজাৰ ৰে’লৱে চাকৰি প্ৰাৰ্থী একত্ৰিত হৈ পৰীক্ষাৰ বিসংগতিৰ বিৰুদ্ধে পাঁচ ঘণ্টাতকৈও অধিক সময় ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। এই প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীয়ে ৰে’লৱেৰ সম্পত্তিৰ ক্ষতিসাধন কৰাৰো অভিযোগ উত্থাপন হয়।

তাৰ পিছতে প্ৰতিবাদৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত কৰাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত খান ছাৰ আৰু আন কেইবাজনৰো বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত পাত্ৰকাৰ নগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয়।
খান ছাৰৰ উপৰিও, আন কেইটামান প্ৰশিক্ষণ কেন্দ্ৰ আৰু ৪০০ ৰো অধিক অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে মঙলবাৰে সন্ধিয়া ৰাজেন্দ্ৰ নগৰ ৰেল টাৰ্মিনেল আৰু ভিকনা পাহাদীত হিংসা সংঘটিত কৰা আৰু চৰকাৰী সম্পত্তি ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগ উত্থাপিত হৈছে।
पटना : छात्रों के हंगामे पर Khan Sir ने कहा –
— News24 (@news24tvchannel) January 26, 2022
सरकार ने जो कदम आज उठाये हैं, उसे पहले उठा लेते तो आज ये नौबत नहीं आती : @khansirpatna #RRB_NTPC #RRBNTPC #Bihar pic.twitter.com/honWHtE8IV
পাটনাত সোমবাৰে আৰু মঙলবাৰে আটক কৰা আন্দোলনকাৰী শিক্ষাৰ্থীসকলে দিয়া বিবৃতিৰ ভিত্তিত এজাহাৰখন পঞ্জীয়ন কৰা হৈছে। তেওঁলোকে কথিতভাৱে কয় যে তেওঁলোকে এটা ভিডিঅ’ৰ পিছত হিংসাত লিপ্ত হ’বলৈ অনুপ্ৰাণিত হৈছিল, য’ত খান ছাৰে আৰআৰবি এনটিপিচি পৰীক্ষা বাতিল নকৰিলে ছাত্ৰ-ছাত্ৰীসকলক ৰাজপথত আন্দোলন কৰিবলৈ প্ৰৰোচিত কৰিছিল।
ट्वीट करने की अपील करना “खान सर” को पड़ा महंगा?देखिये पूरा वीडियो!#RRB_NTPC#RRC_GroupD_not_CBT2_Exam#khansir pic.twitter.com/gv3JBgtEg9
— Qamar (@QamarAnchor) January 27, 2022
এজাহাৰখনত উল্লেখ কৰা হৈছে যে, আৰক্ষীয়ে প্ৰকাশ কৰা এক বিবৃতি আৰু পোহৰলৈ অহা ভিডিঅ’ ক্লিপিংছৰ জৰিয়তে এই কথা স্পষ্ট হৈ পৰিছে যে “প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আৰু আন্দোলনকাৰী শিক্ষাৰ্থীসকলে আইন-শৃংখলাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ লগতে পাটনাত হিংসা সংঘটিত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল।”

উল্লেখ্য যে, খান ছাৰ পাটনাৰ এজন জনপ্ৰিয় প্ৰশিক্ষণ শিক্ষক, যি খান জিএছ গৱেষণা কেন্দ্ৰ চলায় আৰু তেওঁৰ অনন্য শিক্ষণ শৈলীৰ বাবে জনাজাত।
হিংসাৰ উচটনি দিয়াৰ অভিযোগ সন্মুখলৈ অহাৰ পিছত, তেওঁ এটা ভিডিঅ’ মুকলি কৰে য’ত তেওঁ শিক্ষাৰ্থীসকলক তেওঁলোকৰ আন্দোলন শান্তিপূৰ্ণ ৰাখিবলৈ আহ্বান জনায়।
তেওঁ কয় যে যদি তেওঁলোকে হিংসাৰ ফালে যায়, তেন্তে কোনেও তেওঁলোকক সমৰ্থন নকৰিব।
লগতে চাওকঃ

ঘৰৰ ল’ৰা উভতিল ঘৰলৈ! চীনা সেনাই মুকলি কৰি দিলে মিৰামক…










