বিলাসী গাড়ী-ঘােঁৰাত নহয়, এছকেভেটৰত উঠি কইনা ঘৰত উপস্থিত হ’ল দৰা!

নিউজ ডেস্ক। গাড়ী কিম্বা ঘােঁৰাত নহয়, এইবাৰ এছকেভেটত উঠি কইনাৰ ঘৰত উপস্থিত হ’ল দৰা!

এই ঘটনা হিমাচল প্ৰদেশৰ।

উল্লেখ্য যে হিমাচল প্ৰদেশত এতিয়া বিয়াৰ বতৰ! কিন্তু প্ৰচণ্ড তুষাৰপাত আৰু বৰষুণ নৱদম্পত্তি আৰু বৰযাত্ৰীৰ বাবে এই সময়ত হৈ পৰিছে তীব্ৰ প্ৰত্যাহ্বান।

কইনা আনিবলৈ ৰাওনা হোৱা দৰা আৰু বৰযাত্ৰীৰ বাবে এই সময়ৰ পৰিস্থিতি যুদ্ধস্থলীতকৈ কোনো গুণেই কম নহয়।

তথাপিও উদ্যম নেহেৰুৱাই ৰাজ্যখনত প্ৰতিকূল বতৰক নেওচি সম্পন্ন হয় কেইবাখনো বিবাহ।

pic-1643010111

কোনোখন বিবাহত যদি জেচিবিত উঠি দৰা কইনা ঘৰত উপস্থিত হোৱা দেখা গল, আন ক’ৰবাত আকৌ ৪০ কিলোমিটাৰ পৰ্যন্ত খোজ কাঢ়ি মিলিত হল দৰা-কইনা।

উল্লেখ্য যে, হিমাচল প্ৰদেশত এইবাৰ প্ৰচণ্ড তুষাৰপাত আৰু ধাৰাসাৰ বৰষুণৰ ফলত ৰাজপথত ৩-৪ ফুট বৰফৰ তৰপ পৰিছে। যাৰ ফলত বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থাও।

এনে পৰিস্থিতিত বিবাহ সম্পন্ন কৰিবলৈ বৰযাত্ৰী কইনাৰ ঘৰত উপস্থিত হোৱাৰ ক্ষেত্ৰতো দেখা দিছে বাধাৰ।

চিৰমৌৰ উপ-বিভাগ সংগ্ৰাহাত বৰফে আৱৰা বাট কাটি কইনাৰ ঘৰত উপস্থিত হওঁতে বৰযাত্ৰীয়ে ১২ ঘণ্টাতকৈও বেছি পলম কৰে। যাৰ ফলত বিয়াৰ পণ্ডিতে নতুন মূহুৰত উলিয়াই নতুনকৈ বিবাহ সম্পন্ন কৰিবলগা হয়।

pic-1643010002

দৰাচলতে মেহাল অঞ্চলৰ গতাধৰৰ পৰা দুংগী গাওঁলৈ ৰাওনা হৈছিল দেওবাৰে পুৱা ৬ বজাতে ৰাওনা হৈছিল বৰযাত্ৰী। কিন্তু বাটত প্ৰচণ্ড তুষাৰপাতত আবদ্ধ হৈ পৰাত বিবাহস্থলীত নিৰ্ধাৰিত সময়তকৈ ১২ ঘণ্টা পলমকৈ উপস্থিত হয়।

আনফালে প্ৰতিকূল বতৰ আৰু বৰফাবৃত্ত পথৰ বাবে জেচিবিত উঠি কইনা ঘৰলৈ যায় দৰা বিজয় প্ৰকাশ। মাজতে জেচিবিৰ ডিজেল শেষ হোৱাত সেয়াও এক বিপত্তি হয় বৰযাত্ৰীৰ বাবে। কিন্তু অৱশেষত সকলো প্ৰত্যাহ্বান পাৰ কৰি নিশা প্ৰায় ২ বজাত কইনাঘৰত উপস্থিত হয় বৰযাত্ৰী।

pic-1643010145

কাংৰা জিলাৰ সাদৱানৰ বাসিন্দা অজয় চৌহানেও প্ৰতিকূল বতৰৰ মাজত জীৱনসংগীক আনিবলৈ গৈ যুজঁ দিবলগা হয় পৰিস্থিতিৰ সৈতে। তুষাৰপাতৰ বাবে বৰযাত্ৰীৰ বাহন আবদ্ধ হৈ পৰাত প্ৰায় ৭ কিলোমিটাৰ বৰফৰ মাজৰে খোজকাঢ়ি অৱশেষত দৰা আৰু বৰযাত্ৰী চুৱাদিৰ কাইথলী গাঁৱৰ কইনাৰ ঘৰত উপস্থিত হয়। আঢ়ৈ ফুট বৰফৰ ওপৰত বিবাহৰ ৰীতি-নীতি সম্পন্ন কৰাত দৰা-কইনাক দোলাত তুলি বৰফৰ বুকুৰে চুৱাদি বাছ ষ্টপেজলৈ লৈ যোৱা হয়।

ইফালে, শনিবাৰে চম্বাৰ চালুনিত, অনিত কুমাৰে ৫০ জন বৰযাত্ৰীৰ সৈতে কিলোড পঞ্চায়তৰ পৰা দিঘাইৰ শালা গাঁৱত কইনাক আনিবলৈ যায়। তাত বিবাহৰ সকলো ৰীতি-নীতি সম্পন্ন কৰাৰ পিছত দৰা-কইনা দেওবাৰে উভতি আহে। কিন্তু উভতি অহাৰ পথত তুষাৰপাত আৰম্ভ হোৱাত উপায়ন্তৰ হৈ দৰা-কইনাই প্ৰায় ৪০ কিলোমিটাৰ পথ খোজকাঢ়ি শালা গাঁৱলৈ আহিবলগা হয়।

শনিবাৰে চানুহ পঞ্চায়তৰ ভিদ্ৰোহ নালা গাঁৱৰ বাসিন্দা ভনিত ঠাকুৰৰ পুত্ৰ চামাৰু ৰামৰ ভাণ্ডাল অঞ্চলৰ অন্তৰ্গত দণ্ডোৰীৰ বাসিন্দা জগদীশৰ জীয়ৰী নিশা কুমাৰীৰ সৈতে বিবাহ সম্পন্ন হয়।

বিবাহ সম্পন্ন কৰি উভতি অহাৰ পথত দৰা-কইনা প্ৰচণ্ড তুষাৰপাতৰ বাবে হালোড়িত আবদ্ধ হৈ পৰে। যাৰ ফলত তেওঁলোকে পঞ্চায়ত গৃহত ৰাতি পাৰ কৰিবলগা হয়।

সোমবাৰে পুৱা পাঁচখন জেচিবিৰে বাট মোকোলাই আবদ্ধ হৈ থকা দৰা-কইনাক লৈ যোৱা হয়।

একে সময়তে, হামিৰপুৰ জিলাৰ চিৰহালী পিটত অতিৰিক্ত পানীৰ বাবে, দৰা আৰু কইনাই ট্ৰেক্টৰত উঠি যাত্ৰা কৰিবলগা হয়।

তথ্য অনুসৰি, হামিৰপুৰৰ ঘাংগোট গাঁৱৰ দৰা সোমবাৰে বৰযাত্ৰী লৈ শ্বাহতলাইলৈ যায়। কিন্তু বৰষুণৰ বাবে, বৰযাত্ৰী ঘূৰি অহাৰ সময়ত পথৰ এটা গাঁতত পানীৰ স্তৰ বৃদ্ধি পায়। ইয়াৰ বাবে, দৰা-কইনাই গাড়ীৰ সলনি ট্ৰেক্টৰেৰে গাতটো পাৰ হ’বলগা হয়।

লগতে চাওকঃ

প্ৰেমিকক লগ ধৰিবলৈ কাঁইটীয়া তাঁৰৰ বেৰ পাৰ হৈ ভাৰতত প্ৰৱেশ বাংলাদেশী যুৱতীৰ, গ্ৰেপ্তাৰ

G3

Leave a Comment