অসমীয়াঅসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰি ভয়ংকৰ পদক্ষেপ ল’লে এগৰাকী ছাত্ৰীয়ে

নিউজ ডেস্কঃ আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰা ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ মনত আজি হৰ্ষোল্লাস। বৰ বৰ হৰফেৰে সংবাদ মাধ্যমত ফটো সহকাৰে প্ৰকাশ পাইছে সফলতা লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ খবৰ।

কিন্তু তাৰ বিপৰীতে অশেষ চেষ্টা কৰিও পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম নোহোৱা ছাত্ৰ-ছাত্ৰীসকলে যেন আজিৰ দিনটোত নিজকে সমাজৰ পৰা বিচ্ছিন্ন অনুভৱ কৰিবলৈ বাধ্য হৈছে।

আৰু তাৰ বাবেই বহু ছাত্ৰ-ছাত্ৰীয়ে জীৱনৰ ওচৰত পৰাজয় স্বীকাৰ কৰি নল’বলগীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে।

তেনে এগৰাকী ছাত্ৰীয়েই পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰি গাত কেৰাচিন ঢালি আত্মহত্যাৰ চেষ্টা চলালে চৰাইদেউ জিলাৰ সাপেখাতীত।

photo1654595535

সাপেখাতীৰ ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৰহন গোহাঁই গাঁৱৰ পল্লৱী বৰগোঁহাই নামৰ ছাত্ৰীগৰাকীয়ে চেষ্টা চলায় আত্মহত্যাৰ।

জানিব পৰা মতে, আজি ঘোষিত ফলাফলত ৪টা বিষয়তে উত্তীৰ্ণ হ’ব নোৱাৰিলে পল্লৱীয়ে। যাৰ বাবে মানসিকভাৱে ভাগি পৰা ছাত্ৰীগৰাকীয়ে গাত কেৰাচিন ঢালি আত্মহত্যাৰ চেষ্টা চলায়।

অৱশ্যে ছাত্ৰীগৰাকীক লগে লগে পৰিয়ালৰ লোকে হাস্পতাললৈ লৈ যোৱাত বৰ্তমান ডিব্ৰুগড়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে পল্লৱী। ছাত্ৰীগৰাকীৰ দেহৰ ৫০ শতাংশই জ্বলি যোৱা বুলি জানিবলৈ দিছে চিকিৎসকে।

ইফালে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰি আত্মহত্যাৰ পথ বাচি লয় মেৰাপানীৰ এজন ছাত্ৰইও। চৰাইমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ তথা জিতপুৰ গাঁৱৰ নিৱাসী চবিন চুতীয়া নামৰ ছাত্ৰজনে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

কিন্তু ছাত্ৰজনে আজি ঘোষিত পৰীক্ষাৰ ফলাফলত সফলতা লাভ নকৰাৰ বাবেই আত্মহত্যাৰ দৰে সিদ্ধান্ত লয় বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *