অসমঅসমীয়া

পৰীক্ষাত উত্তীৰ্ণ হৈও নিজৰ ভাল ৰিজাল্ট জানিবলৈ আজি নাই ৩ বন্ধু ইমদাদুল, জিন্টুমণি আৰু ৰেকিব

নিউজ ডেস্কঃ আজি ঘোষণা কৰা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। মেট্ৰিক উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ পৰিয়ালত আজি দেখিবলৈ পোৱা গৈছে আনন্দৰ পৰিৱেশ। সপোন সাৰ্থক কৰাৰ লক্ষ্য বুকুত বান্ধি ভৱিষ্যতলৈ আজিৰে পৰা সাজু হৈছে উত্তীৰ্ণ শিক্ষাৰ্থী, অভিভাৱক সকলোৱে।

কিন্তু তাৰ মাজতে আজি কান্দোনত ভাগি পৰিল ছিপাঝাৰবাসী। সফলতাৰ আনন্দ উৎসৱৰ মাজতো তিনিজন মেধাৱী ছাত্ৰৰ ফলাফলে আজি সিক্ত কৰিলে সকলোকে দুচকু।

photo1654600647

উল্লেখ্য যে, যোৱা ২৪ মে’ত ছিপাঝাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা। পুৱা প্ৰাতঃ ভ্ৰমণলৈ ওলাই অহা ৫ জনকৈ লোকক মহতিয়াই লৈ গৈছিল এখন ট্ৰাকে। দুৰ্ঘটনাত নিহত সকলৰ ভিতৰত আছিল দুগৰাকী মহিলা আৰু ৩ গৰাকী মেট্ৰিক পৰীক্ষাৰ্থী।

photo1654600647 1

মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ ফলাফল ঘোষণা হোৱাৰ পূৰ্বে অসম আৰক্ষীৰ পৰীক্ষাৰ বাবে অনুশীলন চলাই গৈছিল তিনিগৰাকী কিশোৰে। তেওঁলোক হৈছে জিণ্টুমণি আহমেদ, ইমদাদুল হক আৰু ৰেকিব আলী।

আজি তিনিওজন মেধাৱী ছাত্ৰৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ল। পৰীক্ষাৰ ফলাফল লাভ কৰি কান্দোনত ভাগি পৰিছে তিনিওৰে পৰিয়ালৰ লগতে সমগ্ৰ ছিপাঝাৰবাসী।

photo1654600651

উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিণ্টুমণিয়ে এখন বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত। ঠিক সেইদৰে দুখন বিষয়ত লেটাৰসহ ৰেকিব উত্তীৰ্ণ হৈছে ৭২ শতাংশ নম্বৰ লৈ। আৰু ইমদাদুলেও ৫২ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে মেট্ৰিক পৰীক্ষাত।

ছাত্ৰ কেইজন জীয়াই থকা হ’লে স্বাভাৱিকতে এই ফলাফল লাভ কৰি আজি উৎফুল্লিত হৈ পৰিলহেঁতেন তেওঁলোকৰ পৰিয়াল। কিন্তু তাৰ বিপৰীতে আজি দুখত বুৰ গৈছে জিণ্টুমণি, ইমদাদুল আৰু ৰেকিবৰ পৰিয়াল।

কান্দি কান্দি ৰেকিবৰ মাতৃয়ে জানিবলৈ দিয়া মতে, মেট্ৰিকৰ পিছত বিজ্ঞান শাখাত নামভৰ্তি কৰিব বিচাৰিছিল ৰেকিবে। আনহাতে হায়াৰ চেকণ্ডাৰী সম্পূৰ্ণ কৰাৰ পিছত ভাৰতীয় সেনাত যোগদান কৰাৰ ইচ্ছা আছিল জিণ্টুমণিৰ।

আজি নিজৰ সন্তানৰ এই ফলাফল লাভ কৰি শোকত ভাগি পৰিছে তেওঁলোক। সপোনবোৰ স্মৰণ কৰি উচুপি উঠিছে পিতৃ-মাতৃ, আত্মীয়-স্বজন।

Leave a Reply

Your email address will not be published. Required fields are marked *