অসমীয়াআন্তঃৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়

সামৰিক শক্তি বৃদ্ধিৰ উদ্দেশ্যে ভাৰত-বাংলাদেশৰ সেনা বাহিনীৰ যুটীয়া সামৰিক অনুশীলন আৰম্ভ

নিউজ ডেস্কঃ সেনা বাহিনীৰ সামৰিক শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যে ভাৰত আৰু বাংলাদেশৰ মাজত আৰম্ভ হৈছে যুটীয়া সামৰিক অনুশীলন।

বাংলাদেশৰ জেচোৰ সামৰিক কেন্দ্ৰত যোৱা ৫ জুনৰ পৰা আৰম্ভ হোৱা এই সামৰিক অনুশীলনৰ নাম ৰখা হৈছে ‘সম্প্ৰীতি’। দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ অংশ হিচাপে ‘সম্প্ৰীতি’ অনুশীলন ১৬ জুনলৈকে অব্যাহত থাকিব।

এই সন্দৰ্ভত ভাৰতীয় সেনাই এক বিবৃতিত কয়, “এই অনুশীলনৰ উদ্দেশ্য হৈছে দুয়োখন দেশৰ সেনা বাহিনীৰ মাজত আন্তঃকাৰ্যকৰিতা শক্তিশালী কৰা আৰু ইজনে সিজনৰ কৌশলগত অনুশীলন আৰু কাৰ্যকৰী কৌশল বুজি পোৱা।”

image 86

জানিব পৰা মতে, এই অনুশীলনত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰিছে ডোগ্ৰা বেটেলিয়ানৰ এটা ৰেজিমেণ্টে। অনুশীলনত অংশ ল’বলৈ ১৭০ জনীয়া ভাৰতীয় দলটো ৪ জুনত বাংলাদেশৰ জেচোৰত উপস্থিত হয়। তাৰ পিছতে দলটোৱে ‘এক্সাৰচাইজ হাৰমনি’ৰ এই অনুশীলনত অংশগ্ৰহণ কৰে।

যুটীয়া সামৰিক অনুশীলনৰ সময়ত, দুয়োখন ৰাষ্ট্ৰৰ সেনা বাহিনীয়ে ৰাষ্ট্ৰসংঘৰ আদেশৰ অধীনত সন্ত্ৰাসবাদ বিৰোধী, মানৱীয় সহায় আৰু দুৰ্যোগ ব্যৱস্থাপনা আৰু ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ একাধিক নকল পৰিস্থিতিত বিশেষজ্ঞতা ভাগ-বতৰা কৰিব।

ভাৰতীয় সেনাই এক বিজ্ঞপ্তিত কয়, “এই অনুশীলন হৈছে দুয়োখন ৰাষ্ট্ৰৰ সেনাবাহিনীৰ মাজত বিশ্বাস আৰু সহযোগিতা শক্তিশালী কৰাৰ বাবে অধিক সাংস্কৃতিক বুজাবুজিৰ এক সুযোগ। এই অনুশীলনে ইজনে সিজনৰ বিশাল অভিজ্ঞতাৰ পৰা শিক্ষা লাভ কৰি দুয়োটা সেনা বাহিনীক লাভান্বিত কৰিব আৰু দুয়োখন ৰাষ্ট্ৰৰ শান্তি আৰু স্থিৰতা বৃদ্ধিত অধিক অৰিহণা যোগাব।’’

প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, মোডী চৰকাৰে ‘নেইবাৰ ফাৰ্ষ্ট’ আৰু ‘লুক ইষ্ট’ নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে ভাৰতে বাংলাদেশৰ সৈতে সামৰিক সহযোগিতা আৰু বৃদ্ধি কৰিছে।

কেৱল সেয়াই নহয়, নতুন দিল্লীয়ে চীনক প্ৰতিহত কৰিবলৈ ম্যানমাৰ, নেপাল আৰু শ্ৰীলংকাৰ সৈতে সম্পৰ্ক শক্তিশালী কৰি তুলিছে।

image 85

উল্লেখ্য যে, বৰ্তমান বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পৰ্ক যথেষ্ট শক্তিশালী। যাৰ ফলত ভাৰত লাভবান হৈছে।

কেন্দ্ৰীয় চৰকাৰে দাবী কৰা মতে, বাংলাদেশৰ সৈতে থকা ভাৰতৰ সুসম্পৰ্কৰ বাবেই বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰখনৰ পৰা ভাৰত বিৰোধী সংগঠনৰ ঘাটি উচ্ছেদ কৰিছে। যাৰ ফলত অসমকে ধৰি দেশৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত সন্ত্ৰাসবাদ হ্ৰাস পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *