হয় কাশ্মীৰ এৰক, অন্যথা…! কাশ্মীৰী পণ্ডিতলৈ ভাবুকি ভৰা পত্ৰ সন্ত্ৰাসবাদী সংগঠনৰ

নিউজ ডেস্কঃ কাশ্মীৰি পণ্ডিতৰ নামত যিমানেই ৰাজনীতি নচলক কিয়, যিমানেই চিনেমা, তথ্যচিত্ৰ নিৰ্মাণ নহওক কিয়, বাস্তৱত আজিও জম্মু-কাশ্মীৰত জীৱনৰ নিৰাপত্তাহীনতাত সময় পাৰ কৰিবলগীয়া হৈছে কাশ্মীৰি পণ্ডিতসকলে।

পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হৈ বিগত সময়ছোৱাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহু কাশ্মীৰি পণ্ডিতে। শেহতীয়াকৈ কাশ্মীৰৰ এটা চৰকাৰী কাৰ্যলয়ৰ ভিতৰতে এগৰাকী পণ্ডিতক গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে।

হিন্দু পণ্ডিত সকলৰ জীৱনৰ নিৰাপত্তাহীনতাৰ মাজতে এইবাৰ পত্ৰযোগে ভাবুকি প্ৰদান কৰিছে সন্ত্ৰাসবাদীয়ে। লস্কৰ-ই-ইছলাম নামৰ এটা সন্ত্ৰাসবাদী সংগঠনে এখন পত্ৰযোগে কাশ্মীৰৰ হিন্দু পণ্ডিতসকলক তৎক্ষণাৎ কাশ্মীৰ এৰি যাবলৈ নিৰ্দেশ দিছে। এখন পত্ৰত সন্ত্ৰাসবাদী সংগঠনটোৱে কাশ্মীৰৰ পণ্ডিত সম্প্ৰদায়ক ভাবুকি দিছে- ‘হয় কাশ্মীৰ এৰি যাওক অন্যথা মৰিব লাগিব।’

photo1652773055
হয় কাশ্মীৰ এৰক, অন্যথা…! কাশ্মীৰী পণ্ডিতলৈ ভাবুকি ভৰা পত্ৰ সন্ত্ৰাসবাদী সংগঠনৰ 3

কাশ্মীৰি পণ্ডিতসকলে বাস কৰা পুলৱামাৰ হালৱা শৰণাৰ্থী কলনিৰ সভাপতিলৈ সন্ত্ৰাসবাদী সংগঠনটোৱে প্ৰেৰণ কৰা চাৰে তিনি শাৰীৰ পত্ৰখনত স্পষ্টভাৱে কাশ্মীৰি পণ্ডিতসকলক হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে।

লস্কৰ-ই-ইছলাম নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ লেটাৰহেডত প্ৰেৰণ কৰা পত্ৰখনত লিখা হৈছে- ‘সকলো শৰণাৰ্থী আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিনিধিসকলক কওঁ, হয় ইয়াৰ পৰা পলাই যাওক অথবা মৃত্যুৰ সন্মুখীন হওঁক! কাশ্মীৰক ইজৰাইলত পৰিণত কৰিব বিচৰা, ইয়াত মুছলমান সকলক হত্যা কৰিব বিচৰা কাশ্মীৰী পণ্ডিতসকলৰ কাশ্মীৰত কোনো স্থান নাই।’

kashmir choro
হয় কাশ্মীৰ এৰক, অন্যথা…! কাশ্মীৰী পণ্ডিতলৈ ভাবুকি ভৰা পত্ৰ সন্ত্ৰাসবাদী সংগঠনৰ 4

আনহাতে এই পত্ৰখনত সন্ত্ৰাসবাদী সংগঠনটোৱে এই কথাও উল্লেখ কৰে যে, কাশ্মীৰি পণ্ডিতৰ নিৰাপত্তা দুগুণ, তিনিগুণ বৃদ্ধি কৰিলেও কোনো কামত নাহিব। কিয়নো কাশ্মীৰি পণ্ডিতৰ মৃত্যু নিশ্চিত।

সন্ত্ৰাসবাদীৰ পৰা এনে ভাবুকিভৰা পত্ৰ লাভ কৰি আতংকিত হৈ পৰিছে কাশ্মীৰি পণ্ডিতসকল। বছৰ বছৰ ধৰি ভয়-সংশয়ত জীৱন নিৰ্বাহ কৰি থকা কাশ্মীৰি পণ্ডিত সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাইছে কাশ্মীৰি পণ্ডিতসকলে।

Leave a Comment