অসমঅসমীয়া

ৰূষ্ট প্ৰকৃতি! প্ৰচণ্ড বান আৰু ভূমিস্খলনত উটি গ’ল ৰে’ল ষ্টেছনত ৰখাই থোৱা ট্ৰেইন

নিউজ ডেস্কঃ এতিয়া ৰূষ্ট প্ৰকৃতি! বাৰিষাৰ প্ৰথমটো বান আৰু ভূমিস্খলনে এতিয়া আতংকৰ সৃষ্টি কৰিছে ডিমা হাছাওৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত।

photo1652778366

মানুহৰ দ্বাৰা কৰা ধ্বংসযজ্ঞৰ পৰিণতিত বিগত কিছুদিনৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ পিছতে খহি পৰিছে ডিমা হাছাওৰ পাহাৰ। যাৰ ফলত তীব্ৰ ভূমিস্খলন হৈ বাট-পথ আৱদ্ধ কৰি পেলাইছে।

photo1652778401

বানৰ ৰুদ্ৰমূৰ্তিত সৃষ্টি হৈছে হাহাকাৰৰ। পকী দলং, বাট-পথ খহি উটি গৈছে বানৰ কোবাল সোঁতত। শ শ পৰিয়াল প্লাৱিত হৈ পৰিছে এই মুহূৰ্তত। প্ৰচণ্ড বান আৰু ভূমিস্খলনৰ ফলত ইতিমধ্যে কাছাৰ জিলাত প্ৰাণ হেৰুৱাইছে শিশুসহ তিনিজনে।

photo1652779083

ইফালে পাহাৰীয়া হাফলং ৰে’ল ষ্টেছনত বান আৰু ভূমিস্খলনৰ শিহৰণকাৰী দৃশ্য পোহৰলৈ অহাৰ পিছতে কঁপি উঠিছে প্ৰতিজনৰে বুকু। ভূমি স্খলনৰ ফলত পোত গৈছে ষ্টেছনত ৰখাই থোৱা ৰে’ল। বানৰ সোতে উটুৱাই নিছে ৰে’লৰ ডবা!

প্ৰথমবাৰৰ বাবে বানৰ এনে বিধ্বংসী কবলত পৰিছে পাৰ্বত্য জিলাখন। ৰাজ্যৰ অন্য অঞ্চলৰ সৈতে প্ৰায় বিচ্ছিন্ন হৈ পৰিছে সংযোগ। আনহাতে ইয়াৰে সুযোগ লৈ এতিয়া বিমান কোম্পানীসমূহে শিলচৰৰ পৰা গুৱাহাটীলৈ বিমান ভৰা পূৰ্বৰ তুলনাত দুগুণ, তিনিগুণ বৃদ্ধি কৰাৰ ঘটনাও পোহৰলৈ আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *