জম্মু-কাশ্মীৰৰ সংবাদ মাধ্যমতো মুজাহিদীন নেতাৰ সাক্ষাৎকাৰ ওলায়ঃ পৰেশ বৰুৱাৰ সাক্ষাৎকাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰ ৰাণাপ্ৰতাপ কলিতাৰ

নিউজ ডেস্কঃ ৰাজ্যত পুনৰ এবাৰ চৰ্চাৰ বিষয় হৈ পৰিছে আলফা স্বাধীন। বিগত কিছু সময়ৰ ভিতৰত বহু অসমীয়া যুৱক-যুৱতীৰ আলফা স্বাধীনত যোগদানৰ সমান্তৰালভাৱে কেইবাটাও সংবাদ মাধ্যমত ভিডিঅ’ সাক্ষাৎকাৰ প্ৰদান কৰিছে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই।

পৰেশ বৰুৱাই সংবাদ মাধ্যমক দিয়া এনে সাক্ষাৎকাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰ জিঅ’চি লেফটেনন্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতাই।

নাৰেংগীস্থিত সেনাৰ কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমক সম্বোধন কৰি সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰগৰাকীয়ে কয় যে ভাৰত এখন গণতান্ত্ৰিক দেশ। সেইবাবেই এই দেশত সকলোৰে মত ব্যক্ত কৰাৰ স্বাধীনতা আছে। আনহাতে কোনো ব্যক্তিৰ মত গ্ৰহণ নকৰিবলৈ সাংবাদিক বা সংবাদ মাধ্যমৰ ওপৰতো কোনো নিয়ম বান্ধি দিয়া হোৱা নাই। এনে পৰিপ্ৰেক্ষিতত পৰেশ বৰুৱাই সাক্ষাৎকাৰ গ্ৰহণ সাধাৰণ কথা।

লেফটেনেন্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতাই জম্মু-কাশ্মীৰৰ উদাহৰণ দি কয় যে তাত পাকিস্তানী সংবাদ মাধ্যমৰ লগতে ভাৰতীয় সংবাদ মাধ্যমতো হিজবুল মুজাহিদীন, লস্কৰ-এ-তৈবাৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ সদস্যৰ সাক্ষাৎকাৰ ওলায়।

পৰেশ বৰুৱাৰ শেহতীয়া এটা সাক্ষাৎকাৰ তেওঁ চোৱা বুলি মন্তব্য কৰি কয় যে আলফাৰ সেনাধ্যক্ষগৰাকীয়ে সংবাদ মাধ্যমক কি কৈছে, সেয়া ডাঙৰ কথা নহয়। বৰং তেওঁৰ কথা ৰাইজে আৰু বিশেষকৈ যুৱচামে কেনেধৰণে গ্ৰহণ কৰিছে, সেইটোৱে ডাঙৰ বিষয়।

আলফা স্বাধীনৰ সাৰ্বভৌমত্বৰ চৰ্ত মানি নোলোৱা পৰ্যন্ত পৰেশ বৰুৱাই চৰকাৰৰ সৈতে আলোচনালৈ নাহে বুলিও সম্ভাৱনা ব্যক্ত কৰে সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰগৰাকীয়ে।

Leave a Comment