অসম

জীৱনৰ এটি বিশেষ সপোন পূৰণ কৰিলে অলিম্পিকত স্বৰ্ণজয়ী নীৰজ চোপ্ৰাই…

টকিঅ’ অলিম্পিকত জেভলিন থ্ৰ’ত স্বৰ্ণ পদক জয় কৰি দেশবাসীক গৌৰৱান্বিত কৰা নীৰজ চোপ্ৰাই জীৱনৰ এটি বিশেষ সপোন আছিল।

শনিবাৰে সেই বিশেষ সপোনটো পূৰণ হোৱাৰে ফটো শ্বেয়াৰ কৰিলে স্বৰ্ণজয়ী নীৰজে।

টুইটাৰত ফটো শ্বেয়াৰ কৰি উৎফুল্লিত নীৰজে কয়,  আজি মোৰ আন এটা সপোন পূৰণ হ’ল, কিয়নো, মোৰ মা-দেউতাক বিমান যাত্ৰা কৰোৱাৰ ইচ্ছা আছিল। সেই ইচ্ছা মই পূৰণ কৰিবলৈ সক্ষম হৈছো। সকলোৰে আৰ্শীবাদৰ বাবে মই সদায় কৃতজ্ঞ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিমান যাত্ৰা কৰা নাছিল নীৰজৰ পিতৃ-মাতৃয়ে। যাৰ বাবে সেই সপোনক বাস্তৱ ৰূপ দিলে নীৰজে।

শেহতীয়াকৈ ৭ আগষ্টত টকিঅ’ অলিম্পিকৰ জেভলিন থ্ৰ’ত সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচিছিল নীৰজ চোপ্ৰাই।

Leave a Reply

Your email address will not be published. Required fields are marked *