সৰ্প দংশনত মৃত্যু পুত্ৰৰ! কণমানি সন্তানৰ সৈতে বৈধব্যৰ জীৱন পাৰ কৰা বোৱাৰীক পুনৰ বিয়া পাতি দিলে শহুৰেকে…

নিউজ ডেস্কঃ সৰ্প দংশনত পুত্ৰৰ মৃত্যুৰ পিছত কণমানি সন্তানৰ সৈতে বৈধব্যৰ জীৱন পাৰ কৰিবলগীয়া হৈছিল বোৱাৰীয়ে।

কোনো আক্ষেপ নকৰাকৈ বিধৱা বোৱাৰীয়ে পালন কৰি গৈছিল ঘৰখনৰ সকলো দায়িত্ব।

কিন্তু বিধৱা বোৱাৰীৰ উকা কপালখনে বাৰে বাৰে আমনি কৰিছিল শহুৰেকক।

পুত্ৰক হেৰুৱাই এনেয়ে ভাগি পৰা হিয়াখন যেন বোৱাৰীৰ বগা সাজযোৰে মুচৰি পেলাইছিল।

যাৰ বাবে অৱশেষত বিধৱা বোৱাৰীক জীৱনটো পুনৰ ৰঙীন কৰাৰ সিদ্ধান্ত লয় শহুৰ আৰু পৰিয়ালৰ আন সকল সদস্যই।

image 180
সৰ্প দংশনত মৃত্যু পুত্ৰৰ! কণমানি সন্তানৰ সৈতে বৈধব্যৰ জীৱন পাৰ কৰা বোৱাৰীক পুনৰ বিয়া পাতি দিলে শহুৰেকে… 3

সিদ্ধান্ত অনুসৰিয়েই শহুৰেকে সমস্ত দায়িত্ব বহন কৰি অইন এজন পুৰুষৰ সৈতে সামাজিক ৰীতি-নীতিৰে কন্যাদান কৰে বোৱাৰীয়েকৰ।

সমাজ সংস্কাৰমুখী চেতনাৰ এনে এক অনন্য ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ আছানছলত।

জানিব পৰা মতে, আছানচলৰ জামুডিয়াৰ চিচুডিয়াৰ নিৱাসী কিশোৰ চেটাৰ্জীৰ পুত্ৰৰ সৈতে ২০১৭ চনত বিবাহ পাশত আৱদ্ধ হৈছিল পূজা চেটাৰ্জী নামৰ যুৱতীগৰাকী।

কিন্তু বিয়াৰ মাত্ৰ দুটা বছৰ পিছতে সৰ্প দংশনৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হয় কিশোৰ চেটাৰ্জীৰ পুত্ৰই।

তেতিয়াৰ পৰাই এটি কণমানি সন্তানৰ সৈতে বৈধব্যৰ যন্ত্ৰণাকাতৰ জীৱন পাৰ কৰিবলগীয়া হয় পূজাই।

image 181
সৰ্প দংশনত মৃত্যু পুত্ৰৰ! কণমানি সন্তানৰ সৈতে বৈধব্যৰ জীৱন পাৰ কৰা বোৱাৰীক পুনৰ বিয়া পাতি দিলে শহুৰেকে… 4

পিছে আধুনিক চিন্তাৰ কিশোৰ চেটাৰ্জীয়ে পুনৰ পূজাক বিয়া দি তেওঁৰ জীৱন পুনৰ এবাৰ ৰঙীণ কৰাৰ সিদ্ধান্ত লয়।

সেই অনুসৰিয়েই আছানচলৰ কালিপাহাড়ীৰ ঘঘৰবুড়ী মন্দিৰত প্ৰভাত ফৌজদাৰ নামৰ যুৱকজনৰ সৈতে পুনৰ বিবাহ সম্পন্ন হয় পূজা চেটাৰ্জীৰ।

বোৱাৰীয়েকৰ বিয়াৰ সমস্ত দায়িত্ব শহুৰ কিশোৰ চেটাৰ্জীয়ে গ্ৰহণ কৰাৰ লগতে কন্যাদানো কৰে।

আছানছলৰ কিশোৰ চেটাৰ্জীৰ এই সংস্কাৰমুখী চিন্তাই এতিয়া প্ৰশংসা লাভ কৰিছে অনেকজনৰ পৰা।

তেওঁৰ এই মহানুভৱ কাৰ্যই চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমতো।