শোকাৱহ! পুৱাই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মইনা আৰু পূজাই, পৰিয়ালত হাহাকাৰ…

এক শোকাৱহ পথ দুৰ্ঘটনা।

শিৱসাগৰত পুৱাই দুৰ্ঘটনাত ঠাইতে নিহত হৈছে দুই যুৱক-যুৱতীয়ে।

নিহত বাইক আৰোহী ক্ৰমে, মইনা আৰু পূজা।

শিৱসাগৰ নগৰৰ সমীপৰ গেমন দলঙৰ কাষত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে, AS01 LC5631 নম্বৰৰ এখন মালবাহী ট্ৰাকত AS 04 Y0294 নম্বৰৰ বাইকখনে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাত নিহত যুৱকজন কোঁৱৰপুৰ চাউলকৰা শেনচোৱা গাঁৱৰ তাৰিক আলী ওৰফে মইনা আৰু যুৱতীগৰাকী স্থানীয় পূজা বৰুৱা বুলি জানিব পৰা গৈছে।

বিধ্বস্ত পথৰ গাঁতৰ পৰা বাচিবলৈ চেষ্টা কৰাৰ সময়তে বাইকেৰে খুন্দা মাৰে ট্ৰাকত।