মহানগৰীত শোকাৱহ দুৰ্ঘটনা! পানী কঢ়িওৱা গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱালে কলেজীয়া ছাত্ৰ বিকিৰণে…

মহানগৰীত শোকাৱহ দুৰ্ঘটনা।

পানী কঢ়িওৱা গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী কলেজীয়া ছাত্ৰই।

গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাটো।

নিহত ছাত্ৰজন গুৱাহাটী কলেজৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ বিকিৰণ সিনহা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, দেওবাৰে ৰাতিপুৱা প্ৰায় ৭.৪০ বজাত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো।

পানী কঢ়িওৱা গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱা ছাত্ৰজনক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

ইফালে, ছাত্ৰজনৰ অকাল বিয়োগত শোকস্তব্ধ হৈ পৰিছে তেওঁৰ পৰিয়ালৰ লগতে আত্মীয় তথা বন্ধুবৰ্গ।