সেনা-আৰক্ষীৰ অভিযানত মৃত্যু প্ৰাক্তন সাংবাদিকৰ, এবছৰ পূৰ্বে যোগ দিছিল লস্কৰ-এ-তৈবাত

নিউজ ডেস্ক। বুধবাৰে পুৱা জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত নিহত হয় দুজন সন্ত্ৰাসবাদী।

শ্ৰীনগৰৰ ৰাইনাৱাৰী অঞ্চলত চলোৱা এই অভিযান কালত নিহত সন্ত্ৰাসবাদী দুজনক এজন প্ৰাক্তন সাংবাদিক আছিল বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

P1 25
সেনা-আৰক্ষীৰ অভিযানত মৃত্যু প্ৰাক্তন সাংবাদিকৰ, এবছৰ পূৰ্বে যোগ দিছিল লস্কৰ-এ-তৈবাত 4

আৰক্ষী সূত্ৰই সদৰী কৰা মতে, ৰায়ছ আহমেদ ভাট নামৰ প্ৰাক্তন সাংবাদিকজনে ২০১৬ চনত অনন্তনাগত ‘ভেলী নিউজ চাৰ্ভিছ’ নামেৰে এটা ডিজিটেল সংবাদ প্ৰতিষ্ঠানৰ আৰম্ভণি কৰিছিল আৰু মুখ্য সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল।

ভাটে যোৱাবছৰ আগষ্ট মাহত লস্কৰ-এ-তৈবাত যোগ দিয়ে আৰু জম্মু-কাশ্মীৰত সংঘটিত কেইবাটাও কূটাঘাতত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

p2 19
সেনা-আৰক্ষীৰ অভিযানত মৃত্যু প্ৰাক্তন সাংবাদিকৰ, এবছৰ পূৰ্বে যোগ দিছিল লস্কৰ-এ-তৈবাত 5

ৰায়ছ আহমেদ ভাটৰ বিৰুদ্ধে ইতিমধ্যে দুটাকৈ গোচৰ ৰুজু হৈ আছে জম্মু আৰক্ষী থানাত।

সন্ত্ৰাসবাদীজনক এনকাউণ্টাৰৰ পিছত তেওঁৰ পৰা সংবাদ মাধ্যমৰ এখন পৰিচয় পত্ৰও উদ্ধাৰ কৰে আৰক্ষীয়ে।

কাশ্মীৰৰ আইজিপি বিজয় কুমাৰৰ মতে, সন্ত্ৰাসবাদী কাৰ্যত এজন প্ৰাক্তন সাংবাদিকৰ অংশগ্ৰহণে সংবাদ মাধ্যমৰ অপব্যৱহাৰৰ এক স্পষ্ট উদাহৰণ প্ৰকাশ কৰিছে।

সেনা-আৰক্ষীৰ অভিযানত মৃত্যু প্ৰাক্তন সাংবাদিকৰ, এবছৰ পূৰ্বে যোগ দিছিল লস্কৰ-এ-তৈবাত 6

ইফালে এই অভিযানকালত নিহত আনজনক এলইটি সন্ত্ৰাসবাদীক বিজবেহাৰাৰ বাসিন্দা হিলাল আহমেদ ৰহম বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ মতে, এই দুয়োজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ একাধিক কূটাঘাতত প্ৰত্যক্ষভাৱে জড়িত আছিল আৰু অসমাৰিক লোকৰ হত্যাত অভিযুক্ত আছিল।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনাস্থলীৰ পৰা ৰাইফল আৰু গোলাবাৰুদৰ দৰে আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে।

Leave a Comment