অসম

ভয়ংকৰ দুৰ্ঘটনা! ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ ফিগো বাহনৰ, হাস্পতালত মৃত্যুৰে যুঁজ ৪ যাত্ৰীৰ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ ফিগো বাহনৰ।

ওদালগুৰি জিলাৰ মেকেনজী পথত সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত ৪জনকৈ লোক।

ইয়াৰে মৃণাল নাথ আৰু লোকেশ কাকতিৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

অতি সংকটজনক অৱস্থাত দুয়োকে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

আন দুজনক ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে, ওদালগুৰিৰ দিশৰ পৰা আহি থকা AS01AP8283 নম্বৰৰ এখন Figo বাহনৰ বিপৰীত দিশৰ পৰা অহা এখন ডাম্পাৰৰ লগত মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *