সেনাৰ শিৱিৰত আত্মঘাতী আক্ৰমণম চেষ্টা সন্ত্ৰাসবদীৰ! ৩ জোৱান শ্বহীদ, নিহত দুজন সন্ত্ৰাসবাদীও

নিউজ ডেস্কঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জম্ম-কাশ্মীৰৰ ৰাজৌৰীৰ সেনা শিৱিৰত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আক্ৰমণত শ্বহীদ হ’ল ৩ গৰাকীকৈ ভাৰতীয় সেনা জোৱান। সেনা আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হয় আন ৫ গৰাকী জোৱানো।

ইফালে সেনাৰ শিৱিৰত আত্মঘাতী আক্ৰমণ সংঘটিত কৰাৰ পূৰ্বে সেনাই দিয়া প্ৰত্যুত্তৰত নিহত হয় দুজনকৈ সন্ত্ৰাসবাদীও।

photo1660280468
সেনাৰ শিৱিৰত আত্মঘাতী আক্ৰমণম চেষ্টা সন্ত্ৰাসবদীৰ! ৩ জোৱান শ্বহীদ, নিহত দুজন সন্ত্ৰাসবাদীও 4

সেনাৰ এক সূত্ৰই সদৰী কৰা মতে, বৃহস্পতিবাৰে পুৱতি নিশা কেইবাটাও সন্ত্রাসবাদীয়ে সেনাৰ শিবিৰটোত প্ৰৱেশৰ চেষ্টা কৰে। তেতিয়া নিৰাপত্তা বাহিনীয়ে সন্ত্রাসবাদীককেইটাক প্ৰত্যুত্তৰ দিয়াত দুয়ো পক্ষৰ মাজত গুলীয়াগুলীৰ সৃষ্টি হয়।

photo1660280477
সেনাৰ শিৱিৰত আত্মঘাতী আক্ৰমণম চেষ্টা সন্ত্ৰাসবদীৰ! ৩ জোৱান শ্বহীদ, নিহত দুজন সন্ত্ৰাসবাদীও 5

এই সংঘৰ্ষতে সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হয় সেনা ছুবেদাৰ ৰাজেন্দ্ৰ প্ৰসাদ, ৰাইফলমেন মনোজ কুমাৰ আৰু ৰাইফলমেন লক্ষ্মণন ডি। সংঘৰ্ষত আহত আন ৫ গৰাকী সেনা জোৱানক ততাতৈয়াকৈ নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

photo1660280472
সেনাৰ শিৱিৰত আত্মঘাতী আক্ৰমণম চেষ্টা সন্ত্ৰাসবদীৰ! ৩ জোৱান শ্বহীদ, নিহত দুজন সন্ত্ৰাসবাদীও 6

ৰাজৌৰীৰ পৰা ২৫ কিলোমিটাৰ নিলগত অৱস্থিত সেনাৰ শিৱিৰত আক্ৰমণৰ চেষ্টা কৰা সন্ত্ৰাসবাদীৰ দলটো লস্কৰ-এ-তৈবাৰ সদস্য বুলি সন্দেহ কৰা হৈছে। নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ সন্ধানত অঞ্চলটোত অভিযান চলাই আছে।