ভাল খবৰ! জোনবাইৰ ফটো তুলি আন্তৰ্জাতিক প্ৰতিযোগিতাত শীৰ্ষ স্থান অসমৰ গৌতমৰ…

নিউজ ডেস্কঃ সৰুৰে পৰা দেখি অহা জোনবাই জনীৰ ফটো তুলি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোকচিত্ৰ প্ৰতিযোগিতাত উজ্বলি উঠিল অসমৰ এজন যুৱক।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ‘আন্তৰ্জাতিক চন্দ্ৰ দিৱস’ উপলক্ষ্যে আয়োজন কৰা মুন শ্বট শীৰ্ষক আলোকচিত্ৰ প্ৰতিযোগিতাত চন্দ্ৰৰ ফটো তুলি দেশ-বিদেশৰ বিভিন্ন ফটোগ্ৰাফাৰৰ মাজত শ্ৰেষ্ঠত্ব অৰ্জন কৰে দৰঙৰ গৌতম ডেকা নামৰ যুৱকজনে।

মঙলদৈৰ কলিতাপাৰা নিবাসী অৱসৰপ্ৰাপ্ত বেংক বিষয়া দুৰ্গেশ্বৰ ডেকা আৰু বন্তি ডেকাৰ একমাত্ৰ পুত্র গৌতম ডেকাই ২০২১ চনৰ গুৰু পূৰ্ণিমাৰ নিশা মঙলদৈৰ চহৰ সমীপৰ চেৰেং চাপৰিৰ পৰা তোলা জোনৰ এখন আলোক চিত্ৰৰে আন্তৰ্জাতিক প্ৰতিযোগিতাত যোগদান কৰিছিল।

photo1660282733
ভাল খবৰ! জোনবাইৰ ফটো তুলি আন্তৰ্জাতিক প্ৰতিযোগিতাত শীৰ্ষ স্থান অসমৰ গৌতমৰ… 3

ইফালে ইছৰ’ৱে বুধবাৰে নিজৰ ৱেবচাইটযোগে ঘোষণা কৰা এই প্ৰতিযোগিতাৰ ফলাফলত গৌতম ডেকাই দেশ-বিদেশৰ নানান আলোকচিত্ৰ শিল্পীৰ মাজত প্ৰথম স্থান লাভ কৰে। তাৰ পিছতে বৃহস্পতিবাৰে যুৱ ফটোগ্ৰাফাৰজনে আনুষ্ঠানিক পত্ৰখন লাভ কৰে।

২০১৬ চনত স্থাপত্যবিদ্যাত স্নাতক সম্মান লাভ কৰা গৌতম ডেকাই ২০১২ চনত আলোকচিত্র শিল্পী হিচাপে আত্মপ্রকাশ কৰি ২০১৩ চনৰ এই ফটোগ্রাফীত বিশেষভাৱে মনোনিবেশ কৰে।

২০১৫ চনত অসম পর্যটন বিভাগে আয়োজন কৰা ‘মেগনিফিচেণ্ট অসম’ শীর্ষক আলোকচিত্র প্রতিযোগিতাত প্ৰথম আৰু পৰম্পৰাগত অসম শীর্ষক প্রতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল গৌতম ডেকাই।

photo1660282764
ভাল খবৰ! জোনবাইৰ ফটো তুলি আন্তৰ্জাতিক প্ৰতিযোগিতাত শীৰ্ষ স্থান অসমৰ গৌতমৰ… 4

গৌতম ডেকাৰ এই সাফল্যত আনন্দৰ বন্যা নামিছে সমগ্ৰ দৰঙত। ইতিমধ্যে বিভিন্ন দল-সংগঠন তথা সংস্থাই গৌতম ডেকাক শুভেচ্ছা বাৰ্তাৰে উপচাই পেলাইছে।

উল্লেখ্য যে, ১৯৬৯ চনৰ ২২ জুলাইত চন্দ্ৰত প্ৰথম মানুহৰ পদাৰ্পণৰ গৌৰৱৰ ক্ষণ হিচাপে ইছৰ’ৱে প্ৰতি বছৰে আন্তৰ্জাতিক চন্দ্ৰ দিৱস পালন কৰি আহিছে। এই উপলক্ষ্যে আয়োজন কৰা মুন শ্বট প্ৰতিযোগিতাত চলিত বৰ্ষত অসমৰ গৌতম ডেকাই শীৰ্ষস্থান লাভ কৰাৰ বিপৰীতে কন্নুৰৰ ৰোহি কেয়ে দ্বিতীয় আৰু তিৰুৱান্তপুৰমৰ ৰামজিথ আৰ কেয়ে তৃতীয় স্থান লাভ কৰিছে।