আচৰিত! নিম্ন সম্প্ৰদায়ৰ ছোৱালী বিয়া কৰোৱাৰ বাবেই মৃতকৰ সৎকাৰ নকৰিলে ৰাইজে, অৱশেষত…

আধুনিক সমাজক লজ্জানত কৰা এক আচৰিত ঘটনা।

ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক এজনে নিম্ন জাতিৰ ছোৱালী বিয়া কৰোৱাৰ বাবে লোক জনৰ মৃত্যুৰ পিছতো সৎকাৰৰ বাবে নাহিল ওচৰত চুবুৰীয়া ৰাইজ।

মঙলদৈৰ নিকটৱৰ্তী পটালসিং পাৰা গাঁৱত সংঘটিত হৈছে এই জাত পাতৰ এই ঘৃণনীয় ঘটনা।

photo 2022 08 12 11 23 59
আচৰিত! নিম্ন সম্প্ৰদায়ৰ ছোৱালী বিয়া কৰোৱাৰ বাবেই মৃতকৰ সৎকাৰ নকৰিলে ৰাইজে, অৱশেষত... 2

গাঁওখনৰ ৬৫ বছৰীয়া অতুল শৰ্মাৰ মঙ্গলবাৰে মাজৰাতি আকস্মিক ভাৱে নিজ ঘৰতেই মৃত্যু হৈছিল।

শৰ্মাৰ দুটি লৰা ছোৱালী আছে যদিও এক মাত্ৰ পূত্ৰই পাঞ্জাৱত কোনোৱা কাৰখানাত কাম কৰি আছে আৰু ছোৱালী বিবাহ সূত্ৰে স্বামী গৃহত থাকে।

মৃত্যুৰ পিছতে মৃতক শৰ্মাৰ পত্নীয়ে গাঁওৰ ওচৰ চুবুৰীয়াক খবৰ কৰে আৰু মৃতকক সৎকাৰৰ বাবে ওচৰ চুবুৰীয়াৰ সহায় বিচাৰে, কিন্তু ওচৰ চুবুৰীয়া কোনোৱেই মৃতকৰ ঘৰলৈ নাহিল।

বুধবাৰেও গৃহস্থই ওচৰ চুবুৰীয়াক অন্তিম সৎকাৰৰ বাবে অনুৰোধ জনাইছিল যদিও ওচৰ চুবুৰীয়া কোনোৱেই মৃতকৰ সৎকাৰৰ বাবে দায়িত্ব নললে।

কিয়নো মৃতক অতুল শৰ্মাই ২৮ বছৰ পূৰ্বে লক্ষীমপুৰ জিলাৰ আজাদ তিনি আলিৰ নিজতকৈ নিম্ন সম্প্ৰদায়ৰ ছোৱালী প্ৰনিতা খাটনিয়াৰৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। আৰু সেইটোৱেই যেন হ’ল অতুল শৰ্মাৰ জীৱনৰ ডাঙৰ ভুল।

যাৰ বাবে অতুল শৰ্মাৰ মৃতদেহটো অন্তিম সৎকাৰ বাবে ওলাই নাহিল কোনো ওচৰ চুবুৰীয়া ৰাইজ।

অৱশেষত মৃত অতুল শৰ্মা ৰ দুই ভাতৃয়ে আন কোনো উপায় নাপায় মৃত দেহটি ঘৰৰ পৰা উলিয়াই নি নৈৰ কাষত পুটি থয়।

মৃতদেহ সৎকাৰ নকৰি এই দৰে নৈৰ পাৰত পুটি থোৱাৰ ঘটনাই অঞ্চলটিত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।