সুস্থ হৈছে আনন্দ! হাস্পতালৰ বিচনাতে কেক কাটি উদযাপন কৰিলে জন্মদিন…

নিউজ ডেস্কঃ হাস্পতালৰ বিচনাতে কেক কাটি জন্মদিন উদযাপন কৰিলে আনন্দ শৰ্মাই।

পৰিয়াল আৰু বন্ধুবৰ্গৰ উপস্থিতিত ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত ২২ বছৰীয়া জন্মদিন উদযাপন আনন্দৰ।

উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত সংঘটিত ৰেগিং কাণ্ডৰ ভুক্তভোগী আছিল আনন্দ শৰ্মা।

জ্যেষ্ঠ ছাত্ৰৰ ৰেগিঙৰ পৰা হাত সাৰিবলৈ ছাত্ৰাৱাসৰ দুমহলাৰ পৰা জঁপিয়াইছিল আনন্দই।

ইয়াৰ পিছতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনন্দক ভৰ্তি কৰা হৈছিল আদিত্য নাৰ্ছিং হোমত।

ইতিমধ্যে সম্পন্ন হৈ যোৱা জটিল অস্ত্ৰোপচাৰৰ পিছতে লাহে লাহে সুস্থ হৈ উঠিছে আনন্দ।

ইফালে এই ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীকো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।