অসম

১৫০০ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল লাট মণ্ডল অনুপ বড়ো…

পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল চৰকাৰী কৰ্মচাৰী।

এইবাৰ বাক্সাৰ বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

ঘোচ লৈ হাতে লোটে ধৰা পৰিল আন এগৰাকী লাট মণ্ডল।

মাটি নামজাৰিৰ নামত ১৫০০ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল লাট মণ্ডল অনুপ বড়ো।

বাক্সাৰ বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল আছিল অনুপ বড়ো।

টুইটাৰযোগে এই কথা সদৰি কৰিছে বিশেষ আৰক্ষী সঞ্চালক জিপি সিঙে।