
হঠাৎ জনপ্ৰিয় হৈ পৰিছে নাগালেণ্ডৰ এইগৰাকী মন্ত্ৰী, এইবাৰ ভাইৰেল হৈছে তেওঁৰ পত্নীক লৈ কৰা টুইট
নিউজ ডেস্কঃ হঠাৎ জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰী। কিছুদিন পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ ‘সৰু চকু’ হোৱাৰ সুবিধাৰ বিষয়ে মন্তব্য কৰি চৰ্চালৈ অহা নাগালেণ্ডৰ উচ্চ শিক্ষা আৰু জনজাতি বিভাগৰ মন্ত্ৰী তথা নাগালেণ্ড বিজেপিৰ সভাপতি টেমজেন ইমনা আংলাৰ আন এটা টুইটে এতিয়া লাভ কৰিছে চৰ্চা।
মন্ত্ৰীগৰাকীয়ে এইবাৰ টুইটাৰত শ্বেয়াৰ কৰিছে গুগলৰ চাৰ্ছ ইঞ্জিনৰ এখন ষ্ক্ৰীণশ্বট। য’ত তেওঁৰ নামৰ প্ৰথম চাৰিটা শব্দ টাইপ কৰাৰ পিছতে মন্ত্ৰীগৰাকীৰ বিষয়ে গুগল চাৰ্ছ ইঞ্জিনৰ পৰা সৰ্বাধিক চাৰ্ছ কৰা বিষয়বোৰ দেখুওৱা হৈছে। তাৰে এটা বিষয়ক লৈ মন্ত্ৰী টেমজেন ইমনা আংলাই কৰা ৰসিকতাপূৰ্ণ টুইটে মন জয় কৰিছে অগণন অনুৰাগীৰ।

দৰাচলতে ‘সৰু চকু’ হোৱাৰ লাভৰ বিষয়ে কোৱাৰ পিছতে গুগলত নাগালেণ্ডৰ মন্ত্ৰীগৰাকীৰ বিষয়ে জানিবলৈ তথ্যৰ সন্ধান আৰম্ভ কৰিছে অলেখ নেট ব্যৱহাৰকাৰীয়ে। কোনোৱে যদি টেমজেনৰ টুইটাৰ হেণ্ডেলৰ বিষয়ে জানিব বিচাৰিছে, আন কোনোৱে আকৌ জানিব বিচাৰিছে তেওঁৰ বয়সৰ বিষয়ে।
একাংশই টেমজেন ইমনা আলঙৰ পত্নীৰ বিষয়েও গুগলত চাৰ্ছ কৰি জানিব বিচাৰিছিল। যাৰ বাবে মন্ত্ৰীগৰাকীৰ নামৰ প্ৰথম চাৰিটা বৰ্ণ টাইপ কৰাৰ পিছতে গুগল চাৰ্ছ ইঞ্জিনৰ চতুৰ্থ শাৰীত দেখুৱাইছে টেমজেন ইমনা আলংঙ পত্নীৰ বিষয়ে।

ইয়াকে লৈ ৰসিকতাপূৰ্ণভাৱে টুইট কৰে মন্ত্ৰীগৰাকীয়ে। টুইটাৰত ষ্ক্ৰীণশ্বট শ্বেয়াৰ কৰি তেওঁ লিখিছে- ‘গুগুল চাৰ্ছ ইঞ্জিনে মোক উত্তেজিত কৰিছে। মই এতিয়াও তেওঁক (পত্নী) বিচাৰি আছো।’
নগালেণ্ড বিজেপিৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰীগৰাকীৰ এই টুইট এতিয়া ভাইৰেল হৈ পৰিছে। তেওঁৰ ৰসিকতাভৰা কথাৰ বাবে প্ৰশংসাৰে উপচাই পেলাইছে নেট ব্যৱহাৰকাৰীয়ে।
Ayalee, @Google search excites me.😆
— Temjen Imna Along (@AlongImna) July 10, 2022
I am still looking for her! pic.twitter.com/RzmmgyFFeq
ভাৰতৰ জনপ্ৰিয় মেট্ৰিম’নিয়েল চাইট ‘Shaadi.com’ৰ প্ৰতিষ্ঠাপক অনুপম মিট্টালেও টেমজেন ইমনা আলঙৰ টুইটত কমেণ্ট কৰিছে।






Pingback: ২৬ তম জন্মদিনৰ পূৰ্বেই পৃথিৱীৰ অন্যতম বয়স্ক পিঞ্জৰাবদ্ধ বাঘ 'ৰাজা'ৰ মৃত্যু... - NEWS8 NorthEast