সুখবৰ! ৰাজস্থান চলচ্ছিত্ৰ মহোৎসৱৰ ৪টা শিতানলৈ মনোনীত জুবিন গাৰ্গৰ ‘কাঞ্চনজংঘা’…

নিউজ ডেস্কঃ এক অপ্ৰত্যাশিত ভাল খবৰ জুবিন গাৰ্গৰ ছবি ‘কাঞ্চনজংঘা’লৈ। অসমীয়া চলচ্ছিত্ৰ জগতত এক আলোড়নৰ সৃষ্টি কৰি ২০১৯ৰ ৬ ছেপ্টেম্বৰত মুক্তি লাভ কৰা কাঞ্চনজংঘালৈ সুখৰ বতৰা কঢ়িয়াই আনিছে ৰাজস্থান চলচ্ছিত্ৰ মহোৎসৱে।

ৰাজস্থান চলচ্ছিত্ৰ মহোৎসৱৰ ৪টা শিতানলৈ মনোনীত হৈছে জুবিন গাৰ্গ পৰিচালিত অসমীয়া ছবি কাঞ্চনজংঘা।

image 46
সুখবৰ! ৰাজস্থান চলচ্ছিত্ৰ মহোৎসৱৰ ৪টা শিতানলৈ মনোনীত জুবিন গাৰ্গৰ 'কাঞ্চনজংঘা’… 2

মহোৎসৱখনৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ শিতানত জুবিন গাৰ্গে মনোনয়ন লাভ কৰাৰ লগতে শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ শিতানতো জুবিনে লাভ কৰিছে মনোনয়ন।

একেদৰে শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ শিতানলৈ দ্বৈতভাৱে মনোনীত হৈছে পংকজ ইংতি আৰু দীপক দে’। সেইদৰে শ্ৰেষ্ঠ একশ্যন পৰিচালকৰ শিতানতো মনোনয়ন লাভ কৰিছে অচিন্ত্য শংকৰ আৰু জুবিন গাৰ্গে।

জানিব পৰা মতে, অহা ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৰাজস্থান চলচ্ছিত্ৰ মহোৎসৱৰ বঁটা প্ৰদান অনুষ্ঠান। ইতিমধ্যে ফোন আৰু ইমেইলযোগে এই অনুষ্ঠানলৈ কাঞ্চনজংঘাৰ টীমক আমন্ত্ৰণ জনাইছে আয়োজকে।

জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে জানিবলৈ দিয়া মতে, এয়া সকলোৰে বাবে এক অপ্ৰত্যাশিত খবৰ। এই চলচ্ছিত্ৰ মহোৎসৱলৈ বাচনিৰ বাবে কাঞ্জনজংঘা প্ৰেৰণ কৰা নোহোৱাকৈয়ে এনেদৰে ৪টাকৈ শিতানত অসমীয়া ছবিখনে মনোনয়ন লাভ কৰাত আনন্দ ব্যক্ত কৰে গৰিমা শইকীয়া গাৰ্গে।

উল্লেখ্য যে, ২০১৯ চনৰ ৬ ছেপ্টেম্বৰত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহত মুক্তিলাভ কৰিছিল কাঞ্চনজংঘা ছবিখনে।