শোকাবহ! বানত উটি যোৱাৰ পৰা নিজকে বচাবলৈ বিদ্যুৎ প্ৰৱাহিত খুঁটাত ধৰি মৃত্যু মহাবিদ্যালয়ৰ অধ্যাপিকাৰ

নিউজ ডেস্কঃ বানত উটি যোৱাৰ পৰা নিজকে বচাবলৈ গৈ বিদ্যুৎ পৰিবাহী খুঁটাত ধৰোতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী যুৱতীয়ে। এই শোকাবহ ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বাংগালুৰৰ মাৰাথাহল্লী অঞ্চলত।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি ধাৰাসাৰ বৰষু্ণে সন্ত্ৰাসৰ সৃষ্টি কৰিছে কৰ্ণাটকৰ। বৰষুণৰ ফলত ইতিমধ্যে প্লাৱিত হৈ পৰিছে বহু অঞ্চল। বানৰ কবলত কৰি বহু পথ-ঘাইপথ ছিগি যোৱাত একপ্ৰকাৰ প্লাৱিত অঞ্চলৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ।

image 44
শোকাবহ! বানত উটি যোৱাৰ পৰা নিজকে বচাবলৈ বিদ্যুৎ প্ৰৱাহিত খুঁটাত ধৰি মৃত্যু মহাবিদ্যালয়ৰ অধ্যাপিকাৰ 3

ৰাজ্যখনৰ এনে ভয়ংকৰ পৰিস্থিতিৰ মাজতে বান প্লাৱিত মাৰাথাহল্লীৰ সমীপৰ সিদ্দাপুৰত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা।

জানিব পৰা মতে, সিদ্দাপুৰাৰ এখন ব্যক্তিগত মহাবিদ্যালয়কৰ অধ্যাপিকা অখিলা নামৰ এগৰাকী ২৩ বৰ্ষীয় যুৱতীগৰাকীয়ে কলেজৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে বানৰ কবলত পৰে। যুৱতীগৰাকীয়ে স্কুটী চলাই ঘৰলৈ আহি থকাৰ সময়ত পথটো বানে উটুৱাই নিয়াত স্কুটীসহ বানত উটি যায় যুৱতীগৰাকীও।

image 45
শোকাবহ! বানত উটি যোৱাৰ পৰা নিজকে বচাবলৈ বিদ্যুৎ প্ৰৱাহিত খুঁটাত ধৰি মৃত্যু মহাবিদ্যালয়ৰ অধ্যাপিকাৰ 4

তেওঁ বানত উটি যোৱাৰ পৰা নিজক বচাবলৈ পথৰ দাঁতিৰ এটা খুটাত খামোচ মাৰি ধৰে। কিন্তু দুৰ্ভাগ্যবশতঃ সেই খুঁটাটোত বিদ্যুৎ প্ৰবাহিত হৈ থকাৰ ফলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লয় অখিলা নামৰ যুৱতীগৰাকীয়ে। এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

উল্লেখ্য যে, বাংগালুৰুৰ লগতে কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বান পৰিস্থিতিৰ সৈতে যুঁজ অহৰহ অব্যাহত ৰাখিছে প্ৰশাসনে। ইতিমধ্যে বানপীড়িত অঞ্চলসমূহত উদ্ধাৰ অভিযান চলাই থকা হৈছে। সমান্তৰালভাৱে ৰাজ্যখনত সৃষ্টি হোৱা এই ভয়ংকৰ পৰিস্থিতি বিগত ৯০ বছৰৰ ভিতৰত প্ৰথম বুলি অভিহিত কৰিছে মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাইয়ে।