
মেঘালয়ৰ প্ৰাক্তন আইপিএছ বিষয়া মৰিয়াহোম খাৰক্ৰাঙৰ বিজেপিত যোগদান
নিউজ ডেস্কঃ বিজেপিত যোগ দিলে মেঘালয়ৰ প্ৰাক্তন আইপিএছ বিষয়া মৰিয়াহোম খাৰক্ৰাঙে।
ৰাজ্যখনৰ আগন্তুক ২০২৩ৰ বিধানসভা নিৰ্বাচনত উত্তৰ শ্বিলং বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰিছে মৰিয়াহোম খাৰক্ৰাঙে।
মঙলবাৰে প্ৰাক্তন আইপিএছ বিষয়া গৰাকীক বিজেপিলৈ আদৰণি জনায় বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সংগঠন) বি এল সন্তোষ, কেন্দ্ৰীয় সাংস্কৃতিক আৰু সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, কেবিনেট মন্ত্ৰী ছানবৰ শুল্লাই, প্ৰাক্তন মন্ত্ৰী এ এল হেক, ৰাজ্যিক সভাপতি আৰ্নেষ্ট মাউৰী আদিয়ে।

বিজেপিৰ যোগদানৰ পিছতে মৰিয়াহোম খাৰক্ৰাঙে কয়, ‘মই উন্নয়নৰ বাবে বিজেপিক বাছি লৈছো। মই মোৰ ৰাজ্যখনৰ উন্নয়ন হোৱাটো বিচাৰো।’
তেওঁ লগতে কয়, ‘মই এজন উচ্চাকাংক্ষী প্ৰাৰ্থী কিন্তু (টিকট) সেইটো নিৰ্ভৰ কৰিব বিজেপিৰ নেতৃত্বৰ ওপৰত তেওঁলোকে মোক ফিট বুলি বিবেচনা কৰিব নে নকৰে।”
উল্লেখ্য যে, ১ ছেপ্টেম্বৰত আইপিএছ বিষয়া মৰিয়াহোম খাৰক্ৰাঙে স্বেচ্ছাসেৱী অৱসৰ (ভি আৰ এছ) লৈছিল।





