অসমঅসমীয়া

কেৱল ধুনীয়া হ’লেই ৰাইজে ভোট নিদিয়ে! ভূপেন বৰাক ক্ষুৰধাৰ সমালোচনা ৰূপজ্যোতি কুৰ্মীৰ

নিউজ ডেস্ক। পানীৰ দৰেই ৰাজনৈতিক নেতাসকল। য’তেই থোৱা হয়, তাৰেই ৰং লয়। একালত কগ্ৰেছৰ বিধায়ক আছিল ৰূপজ্যোতি কুৰ্মী। সেই সময়ত চিঞৰি চিঞৰি গুণ বখানিছিল কংগ্ৰেছৰ।

কিছু মাহ পূৰ্বে হঠাৎ তেওঁ ৰং সলালে। কংগ্ৰেছ এৰি বিজেপিলৈ অহাৰ পিছতে এতিয়া কংগ্ৰেছৰ সমালোচনা আৰু বিজেপিৰ প্ৰশংসাত তেওঁ সৰৱ হৈ পৰে।

হিমন্ত বিশ্ব শৰ্মা নেতৃৃত্বাধীন চৰকাৰৰ প্ৰথম বৰ্ষপূূতিৰ সময়ত চৰকাৰ আৰু মুখ্যমন্ত্ৰীক পুনৰ এবাৰ প্ৰশংসাৰে উপচাই পেলালে ৰূপজ্যোতি কুৰ্মীয়ে।

বিজেপি চৰকাৰৰ ৫ টা সাফল্যৰ কথা ক’বলৈ গৈ কংগ্ৰেছ-বিজেপিৰ মাজত থকা আকাশ পাতাল পাৰ্থক্য খিনিও উনুকিয়াই দিবলৈ নাপাহৰিলে মৰিয়নীৰ বিধায়কগৰাকীয়ে।

G1 10

হাফপেণ্ট পিন্ধি যোগাভ্যাসলৈ ওলাই অহাৰ সময়ত সাংবাদিকৰে বাৰ্তালাপ কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয় যে বিজেপিৰ দৰে কংগ্ৰেছেও যদি কেতিয়াবা বিধায়ক সকলৰ সৈতে কোনো চাহ মেল বা আলোচনা অনুষ্ঠান আয়োজিত কৰিলেহেঁতেন, তেন্তে আজি কংগ্ৰেছ তিষ্ঠি থাকিব পাৰিলেহেঁতেন।

কংগ্ৰেছে কিছুদিনৰ বাবে তপস্যা কৰি তেওঁলোকে ক’ত ক’ত ভুল কৰিলে সেয়া বিচাৰ কৰিবলৈও আহ্বান জনায় বিজেপি বিধায়কগৰাকীয়ে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ক্ষুৰধাৰ সমালোচনা কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয় যে কেৱল চেহেৰা ধুনীয়া হ’লেই ৰাইজে ভোট নিদিয়ে। যিজন ভূপেন বৰাই নিজৰ সমষ্টিত দুবাৰকৈ হাৰিছে, লোকসভাৰ নিৰ্বাচনত পৰাজিত হৈছে, তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ যোগ্যই নহয় বুলি মন্তব্য কৰে কুৰ্মীয়ে। ভূপেন বৰা আঁতৰিলেই কংগ্ৰেছ ঠিক হৈ যাব বুলিও মন্তব্য কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

ইফালে অহা ১০ মে’ত অনুষ্ঠিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰথম বৰ্ষপূতি অনুষ্ঠান। এই অনুষ্ঠানৰ পূৰ্বে চৰকাৰে সম্পন্ন কৰা ৫টা সাফল্যৰ কথা সংবাদ মাধ্যমক অৱগত কৰে ৰূপজ্যোতি কুৰ্মীয়ে।

চাহ বাগানত নতুনকৈ হাইস্কুল নিৰ্মাণ, অংগনৱাড়ীৰ জৰিয়তে শিশুসকলৰ ভৱিষ্যত গঢ়াৰ প্ৰয়াস, জল জীৱন মিছনৰ জৰিয়তে ঘৰে ঘৰে খোৱাপানীৰ ব্যৱস্থা, মহিলাসকলৰ মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাই আৰু জিলাই জিলাই আধুনিক ষ্টেডিয়াম নিৰ্মাণ অসম চৰকাৰৰ বৃহৎ সাফল্য বুলি কয় কুৰ্মীয়ে।

উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা কাজিৰঙাত বিজেপি মিত্ৰজোঁটৰ বিধায়ক আৰু সাংসদ সকলৰ মাজত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছে।

ইফালে শুকুৰবাৰে পুৱা বিধায়ক-সাংসদ সকলে যোগাসন কাৰ্যসূচীত অংশ লোৱাৰ পিছতে বৰগছ ৰিজ’ৰ্টত অনুষ্ঠিত হয় মূল পৰ্যালোচনা বৈঠক।

Leave a Reply

Your email address will not be published. Required fields are marked *