অসমীয়াৰাষ্ট্ৰীয়

কাশ্মীৰী পণ্ডিত হত্যাৰ প্ৰতিশোধ! ভূস্বৰ্গত সেনা-আৰক্ষীৰ অভিযানত নিহত পাকিস্তানী সন্ত্ৰাসবাদী

নিউজ ডেস্কঃ জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে মঙলবাৰে পুৱা অভিযান চলাই সেনা-আৰক্ষীয়ে হত্যা কৰিবলৈ সক্ষম হয় এজন পাকিস্তানী সন্ত্ৰাসবাদী সহ দুজন সন্ত্ৰাসবাদীক?

জম্মু-কাশ্মীৰ আৰক্ষীৰ আই জি পি বিজয় কুমাৰে জনোৱা মতে, আজি পুৱা কুপোৱাৰা জিলাৰ চক্তৰাছ কান্দি অঞ্চলত সেনা, অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায়।

গোপন খবৰৰ ভিত্তিত চলোৱা এই অভিযানকালত আত্মগোপন কৰি থকা জেহাদীৰ দলটোৱে সেনা-আৰক্ষীৰ ওপৰত গুলীচালনা কৰাত সেনাইও প্ৰত্যুত্তৰ দিয়ে। যাৰ ফলত এজন দুৰ্ধৰ্ষ পাকিস্তানী সন্ত্ৰাসবাদীসহ দুজন সন্ত্ৰাসবাদী নিহত হয়।

নিহত দুয়োজন সন্ত্ৰাসবাদী লস্কৰ-এ-তৈবাৰ সদস্য আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইফালে সেনাই সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অভিযান অব্যাহত ৰাখিছে।

উল্লেখ্য যে, বিগত এমাহত সেনাই কমেও ১০ জন সন্ত্ৰাসবাদীক হত্যা কৰিছে। কিন্তু সন্ত্ৰাসবাদীয়ে এতিয়াও উপত্যকাটোত অমুছলমান বিশেষকৈ কাশ্মীৰী পণ্ডিতসকলক লক্ষ্য কৰি লৈছে। মাত্ৰ এমাহতে সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন শিক্ষকসহ দুজন কাশ্মীৰী পণ্ডিত নিহত হয়।

আনহাতে, জম্মু-কাশ্মীৰক সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰিবলৈ সেনাই অহৰহ অভিযান চলাই আছে। আজিৰ দিনটোতে পাকিস্তানী সন্ত্ৰাসবাদীক নিৰ্মূল কৰি কাশ্মীৰী পণ্ডিত হত্যাকাৰীক প্ৰতিশোধৰ বাৰ্তা প্ৰদান কৰিছে সেনাই।

Leave a Reply

Your email address will not be published. Required fields are marked *