সামাজিক মাধ্যমত হত্যাৰ ভাবুকি বলিউডৰ তাৰকা বিকি-কেটৰিনাক, কাষ চাপিছে আৰক্ষীৰ

নিউজ ডেস্কঃ সামাজিকল মাধ্যমত হত্যাৰ ভাবুকি লাভ কৰি নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষ চাপিছে বলিউডৰ তাৰকা দম্পতী বিকী কৌশল আৰু কেটৰিনা কাইফ।

ইনষ্টাগ্ৰামত দম্পতীহালে হত্যাৰ ভাবুকি লাভ কৰাৰ পিছতে মুম্বাইৰ ছান্টাক্ৰুজ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

image 260
সামাজিক মাধ্যমত হত্যাৰ ভাবুকি বলিউডৰ তাৰকা বিকি-কেটৰিনাক, কাষ চাপিছে আৰক্ষীৰ 4

বিকি-কেটৰিনাৰ এজাহাৰৰ পিছতে অভিযুক্তক বিচাৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। আনহাতে নৱ দম্পতীহালে লাভ কৰা হত্যাৰ ভাবুকিয়ে দুয়োকে অধিক চিন্তিত কৰি তুলিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, এজন ব্যক্তিয়ে কেইবাদিনো ধৰি ছ’চিয়েল মিডিয়াত বিকি আৰু কেটৰিণাক নিৰীক্ষণ কৰি আহিছে। তেঁৱেই ইনষ্টাগ্ৰামত কেটৰিনাক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে। তাৰকা দম্পতীহালে আৰক্ষীৰ কাষ চপাৰ পিছতে তেওঁলোকৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

আনহাতে ব্যক্তিজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০৬ (২), ৩৫(ঘ), ৬৭ ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।

image 261
সামাজিক মাধ্যমত হত্যাৰ ভাবুকি বলিউডৰ তাৰকা বিকি-কেটৰিনাক, কাষ চাপিছে আৰক্ষীৰ 5

উল্লেখ্য যে, সংগীত শিল্পী সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ পিছত যোৱা মাহত হত্যাৰ ভাবুকি লাভ কৰিছিল বলিউডৰ অভিনেতা চলমান খানেও।

অজ্ঞাত ব্যক্তিৰ পৰা হত্যাৰ ভাবুকি লাভৰ পিছতে চলমানে বান্দ্ৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি নিৰাপত্তা বৃদ্ধিৰ বাবে অনুৰোধ কৰে।

ইফালে চলমান খানৰ পিছতে এইবাৰ বিকি আৰু কেটৰিনাই হত্যাৰ ভাবুকি লাভ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

সাপ্তাহিক ৰাশিফল
সামাজিক মাধ্যমত হত্যাৰ ভাবুকি বলিউডৰ তাৰকা বিকি-কেটৰিনাক, কাষ চাপিছে আৰক্ষীৰ 6