আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ উত্তৰ-পূবত বন্ধ থাকিব ৰন্ধন গেছ চিলিণ্ডাৰৰ পৰিবহণ সেৱা।
ভাৰতীয় তেল নিগম কর্তৃপক্ষই থলুৱা নৰ্থ-ইষ্ট পেক্ট ট্রেন্সপ’টাৰ্ছ এছ’চিয়েচনক কৰা বঞ্চনাৰ প্রতিবাদত এই সিদ্ধান্ত গ্ৰহণ কৰে।
নৰ্থ-ইষ্ট পেক্ট টেন্সপ টাৰ্ছ এছ চিয়েচনৰ সভাপতি নিৰঞ্জন মহন্তই কয় যে, কেন্দ্রীয় পেট্রলিয়াম মন্ত্রী, ভাৰতীয় তেল নিগম’ আৰু অসম তেল নিগমৰ লগত এছ’চিয়েচনৰ সমস্যাসমূহ সমাধানৰ বাবে এখন আলোচনাত অনুষ্ঠিত হৈছিল।

এই আলোচনাত এছ’চিয়েচনৰ সমস্যা সমাধান নোহোৱালৈকে পৰৱৰ্তী কোনো নিবিদা প্ৰকাশ নকৰিবলৈ ভাৰতীয় তেল নিগম কর্তৃপক্ষক অনুৰোধ জনোৱা হৈছিল।
কিন্তু ভাৰতীয় তেল নিগম কর্তৃপক্ষই এছ’চিয়েচনৰ সমস্যা সমাধান নকৰাকৈ পুনৰ ২০১১ চনত প্ৰকাশ কৰা একেখন নিবিদাকে তাকো ৫ শতাংশ কম নিৰিখত যোৱা ১৬ জুলাইত প্ৰকাশ কৰে।
এয়া কোনো কাৰণতে মানি লোৱা নহ’ব বুলি এছ’চিয়েচনৰ তৰফৰ পৰা সভাপতি মহন্তই ভাৰতীয় তেল নিগম কর্তৃপক্ষক সকীয়াই দিয়ে।
সংবাদমেলত সভাপতি নিৰঞ্জন মহন্তই কয় যে, বর্তমান ব্যাপক হাৰত পেট্ৰ’ল, ডিজেলৰ লগতে পৰিবহণ কৰ আৰু পৰিবহণৰ যন্ত্ৰপাতিৰ দাম বৃদ্ধি হৈছে।
তেনেক্ষেত্ৰত ২০১১ চনত প্ৰকাশ কৰা নিবিদাৰ নিৰিখত তাকো ৫ শতাংশ কম নিখিত এছ’চিয়েচনৰ তৰফৰ পৰা ৰন্ধন গেছৰ পৰিবহণ কৰাটো কেতিয়াও সম্ভৱ নহয়। তদুপৰি পৰিবহণ সংস্থাটোক টোলগেটৰ লগতে আৰ্তিকেমৰ ধন আদায় দিয়া নাই ভাৰতীয় তেল নিগম কর্তৃপক্ষই।
এইক্ষেত্ৰত এছ’চিয়েচনৰ আন্দোলনৰ বাদে বিকল্প নাই।
ভাৰতীয় তেল নিগম কর্তৃপক্ষ থলুৱাবিৰোধী গভীৰ ষড়যন্ত্ৰত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰি মহন্তই কয় যে ভাৰতীয় তেল নিগম কর্তৃপক্ষই পুৰণি নিবিদা প্ৰত্যাহাৰ কৰি বৰ্ধিত নিৰিখত নতুন নিবিদা প্রকাশ নকৰা আৰু এছ’চিয়েচনৰ পূৰ্বৰ সমস্যাসমূহ সমাধান নকৰালৈকে এছ’চিয়েচনে অনিৰ্দিষ্ট কাললৈ উত্তৰ-পূবৰ উত্তৰ গুৱাহাটী, মিৰ্জাৰ সৰপাৰা, ডিমাপুৰ, বঙাইগাঁৱকে ধৰি ৭ টা ৰন্ধন গেছ প্ৰকল্পৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ পৰিবহণৰ পৰা বিৰত থাকিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল










