শোকাবহ! ভয়ংকৰ বিস্ফোৰণত মৃত্যু মাতৃ-পুত্ৰ-বোৱাৰীসহ ৬ জনৰ

নিউজ ডেস্কঃ এক ভয়ংকৰ বিস্ফোৰণে প্ৰাণ কাঢ়ি নিলে ৬ জনকৈ লোকৰ।

বিহাৰৰ চাৰণ জিলাৰ অন্তৰ্হত খুদাইবাগ গাঁওস্থিত এগৰাকী ব্যৱসায়ীৰ বাসগৃহত দেওবাৰে সংঘটিত হয় এই ভংয়কৰ বিস্ফোৰণ।

জানিব পৰা মতে, খুদাইবাগৰ ছাবিৰ হুছেইন নামৰ এজন ব্যৱসায়ীয়ে নিজৰ ঘৰতে চলাই আহিছিল আতচবাজীৰ ব্যৱসায়।

এই আতচবাজীয়েই বিস্ফোৰিত হোৱাৰ ফলত দেওবাৰে ৬ জন লোকৰ মৃত্যু ঘটাৰ লগতে ৮ জন লোক গুৰুতৰভাৱে আহত হয়।

image 257
শোকাবহ! ভয়ংকৰ বিস্ফোৰণত মৃত্যু মাতৃ-পুত্ৰ-বোৱাৰীসহ ৬ জনৰ 5

বিস্ফোৰণৰ ফলত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা বাসগৃহটোৰ ধ্বংসস্তূপৰ মাজত ১০ জনৰো অধিক লোক আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। বিস্ফোৰণ কাণ্ডৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

ইফালে স্থানীয় নিৱাসীয়ে জানিবলৈ দিয়া মতে, প্ৰায় ৩ কিলোমিটাৰ নিলগৰ পৰাই বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা যায়। ভয়ংকৰ বিস্ফোৰণৰ ফলত তিনিমহলীয়া ঘৰটেো সম্পূৰ্ণৰূপে ভাঙি পৰে।

image 259
শোকাবহ! ভয়ংকৰ বিস্ফোৰণত মৃত্যু মাতৃ-পুত্ৰ-বোৱাৰীসহ ৬ জনৰ 6

বিস্ফোৰণত নিহত সকলক মীনা বেগম (৬০), তেওঁৰ দুই পুত্ৰ- মুলাজিম (৩৫) আৰু ছাবিৰ আলী (২৪), মুলাজিমৰ পত্নী ছাবানা খাতুন (৩০) আৰু সম্বন্ধীয় ছাহজাদ বুলি চিনাক্ত কৰা হৈছে। নিহত এজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।

image 258
শোকাবহ! ভয়ংকৰ বিস্ফোৰণত মৃত্যু মাতৃ-পুত্ৰ-বোৱাৰীসহ ৬ জনৰ 7

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, দীৰ্ঘদিনৰ পৰা অবৈধভাৱে এই আতচবাজীৰ কাৰখানা চলাই আহিছিল ছাবিৰ হুছেইন আৰু তেওঁৰ পৰিয়ালে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

সাপ্তাহিক ৰাশিফল
শোকাবহ! ভয়ংকৰ বিস্ফোৰণত মৃত্যু মাতৃ-পুত্ৰ-বোৱাৰীসহ ৬ জনৰ 8