অসমীয়াঅসম

সামাজিক মাধ্যমত ভাইৰেল মূল্যবৃদ্ধি উপলক্ষে আয়োজিত এখন বিশেষ লটাৰী খেলৰ টিকট! পুৰস্কাৰ শুনিলে হতবাক হ’ব আপুনিও

নিউজ ডেস্কঃ এখন বিশেষ লটাৰী খেলৰ আয়োজন কৰা হৈছে।

পুৰস্কাৰত অৱশ্যেই চাৰিচকীয়া, দুচকীয়া বাহন নাই। নাই বৃহৎ পৰিমাণৰ নগদ ধনৰ পুৰস্কাৰো। কিন্তু ভাগ্য যদি ভাল থাকে, লটাৰী পুৰস্কাৰ লাভ কৰি কিছুদিনৰ বাবে সকাহ লাভ কৰিব পাৰিব আপুনিও।

কি বস্তুৰ দাম বঢ়া নাই! পেট্ৰ’ল-ডিজেল হওক বা গেছ চিলিণ্ডাৰ, ডাইল হওক বা আলু-পিঁয়াজ…!

মূল্যবৃদ্ধিত এতিয়া বিধ্বস্ত সাধাৰণ জনতা। যদি আপোনাৰ এখন গাড়ী আছে তেন্তে এই লটাৰী খেলৰ প্ৰথম পুৰস্কাৰটো আপোনাৰ বাবে কিছুদিনৰ স্বস্তিৰ উশাহ হ’ব পাৰে।

অথবা আপোনাৰ যদি ঘৰত ল’ৰা-ছোৱালী এহাল আছে, তেন্তে সিঁহতক ভাল কিবা এটা আনি খুৱাও বুলিও খুৱাব নোৱাৰা আপোনাৰ মুখত এটা হাঁহি বিৰিঙাব পাৰে অন্তিম পুৰস্কাৰটোৱেও।

photo1654318180

মূল্যবৃদ্ধিৰ ভয়ংকৰ দিনত অনুষ্ঠিত কৰা এই লটাৰী খেলখনৰ নাম সেয়ে ৰখা হৈছে ‘মূল্যবৃদ্ধি উপলক্ষ্যে লটাৰী খেল’। খেলৰ স্থান বঙাইগাঁও জিলাৰ বৰপথাৰ। জুলাইৰ ৮ তাৰিখে অনুষ্ঠিত হ’ব এই বিশেষ খেলখন। খেলখনলৈ মাজত আৰু এমাহ আছে। ইচ্ছা কৰিলে ৩০ টকা দি আপুনিও কিনি থব পাৰে এই লটাৰী খেলখনৰ এটা টিকট।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই বিশেষ লটাৰী খেলখনৰ টিকট। খেলখনৰ বিষয়ে সবিশেষ তথ্য নাখাকিলেও খেলখনৰ সভাপতি হৈছে হবিব আলম আৰু সম্পাদক আৰিফ হুছেইন।

মূল্যবৃদ্ধি উপলক্ষ্যে আয়োজিত এই লটাৰীখেলনত আছে মুঠ ২০ টা পুৰস্কাৰ। তাৰ উপৰিও বহীৰ খেল নামেৰে আছে আন এটা পৃথক ভাগ্য নিৰ্ণয় পৰীক্ষা। য’ত তিনিটা পুৰস্কাৰ আছে।

মূল খেলখনৰ প্ৰথম পুৰস্কাৰটো হৈছে ৩০ লিটাৰ পেট্ৰ’ল। দ্বিতীয় পুৰস্কাৰ- ২০ লিটাৰ ডিজেল।

সেইদৰে ক্ৰমাগতভাৱে আছে- ১০ লিটাৰ মিঠাতেল, ৫ লিটাৰ ৰিফাইন, গেছ চিলিণ্ডাৰ মূল্য- ১০৫০ টকা, আলু ২৫ কেজি, পিঁয়াজ ২০ কেজি, নহৰু ৫ কেজি ইত্যাদি ইত্যাদি। খেলখনৰ পুৰস্কাৰত আছে, ডাইল, আটা, চেনী, চাহপাত আদিও। খেলৰ অন্তিম পুৰস্কাৰ বাদাম-কিচমিচ ৫০০ গ্ৰাম।

সেইদৰে বহীৰ খেলখনৰ প্ৰথম পুৰস্কাৰত আছে লোকেল মুৰ্গী ২ কেজি। দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰত আছে ক্ৰমে- ব্ৰয়লাৰ মুৰ্গী ৫ কেজি আৰু হাঁহ এজোৰ।

মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সময়ত এনে এখন লটাৰী খেল এতিয়া ব্যতিক্ৰম ৰূপত ভাইৰেল হৈ পৰিছে। লটাৰী খেলখনৰ টিকট দেখি সকোলোৱে হাঁহিলেও ভিতৰি ভিতৰি মূল্যবৃদ্ধিৰ বাবে যে শংকিত হৈও পৰিছে, সেয়া নিশ্চিত।

Leave a Reply

Your email address will not be published. Required fields are marked *