নিউজ ডেস্কঃ পত্নীৰ হত্যাৰ গোচৰত অভিযুক্ত জোঁৱায়েকে গোচৰৰ মীমাংসাত সহযোগ নকৰাৰ বাবেই চুৰীকাঘাত কৰি হত্যাৰ চেষ্টা চলালে শাহুৱেকক। এই লোমহৰ্ষক কাণ্ড সংঘটিত হৈছে ধূপধৰা থানাৰ অন্তৰ্গত হাঁহচৰাবড়ীত। ঘটনাৰ পিছতে অভিযুক্ত জছিমুদ্দিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
জানিব পৰা মতে, ৰংজুলি থানাৰ অন্তৰ্গত বৰপথাৰ গাঁৱৰ জছিমুদ্দিন নামৰ লোকজনে কিছু বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল ধূপধৰা থানাৰ হাঁহচৰাবড়ী গাঁৱৰ হালিদা খাতুনৰ পূৰ্বৰ স্বামীৰ ফালৰ কন্যাৰ সৈতে।
কিন্তু প্ৰায় চাৰি বছৰ পূৰ্বে এদিন জছিমুদ্দিনৰ ঘৰত ৰহস্যজনকভাৱে চীপ লোৱা অৱস্থাত উদ্ধাৰ হয় পত্নীৰ মৃতদেহ। ইয়াৰ পিছতে হালিদা খাতুনৰ বৰ্তমানৰ স্বামী আলতাফ আলীয়ে জছিমুদ্দিনৰ বিৰুদ্ধে কন্যাৰ হত্যাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰে।

এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে জছিমুদ্দিনক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে যদিও কিছুদিন পূৰ্বে জামিনত মুক্তিলাভ কৰিবলৈ সক্ষম হয় জছিমুদ্দিনে।
ইফালে জামিনত মুক্তি লাভ কৰাৰ পিছতে বৰ্তমানো চলি থকা গোচৰৰ মীমাংসাত সহযোগ কৰিবলৈ শহুৰ-শাহুৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে অভিযুক্ত জছিমুদ্দিনে।
সেই অনুসৰি বৃহস্পতিবাৰে নিশাও কেইজনমান বন্ধুৰ সৈতে হাঁহচৰাবড়ীৰ শহুৰৰ ঘৰত উপস্থিত হৈ জছিমুদ্দিনে এক লাখ টকাৰ বিনিময়ত গোচৰৰ মীমাংসাত সহযোগ কৰিবলৈ দাবী জনায়।
কিন্তু ধনৰ বিনিময়ত হালিদা খাতুন আৰু আলতাফ আলীয়ে গোচৰ নিষ্পত্তি কৰিবলৈ কোনোপধ্যেই ৰাজী নোহোৱাত সেই সময়তে শাহু হালিদা খাতুনৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় জছিমুদ্দিন। যাৰ পৰিণতিত শাহুৱেকৰ মুখত সোপা দি উপৰ্য্যুপুৰি চুৰীকাঘাত কৰি হত্যাৰ চেষ্টা চলায় অভিযুক্তজনে।
এই আক্ৰমণত গুৰুতৰভাৱে আহত মহিলাগৰাকীক স্থানীয় লোকে উদ্ধাৰ কৰি লগে লগে ধূপধৰাৰ বিকালী আদৰ্শ চিকিৎসালয়লৈ লৈ যায় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। বৰ্তমান মহিলাগৰাকী বিপদমুক্ত বুলি জানিব পৰা গৈছে।
ইফালে এই ঘটনাৰ পিছতে ধূপধৰা আৰক্ষীয়ে অভিযুক্ত জছিমুদ্দিনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ মটৰ চাইকেলখনো জব্দ কৰে।









