অসম

বিজেপি বিধায়কৰ লাজ লগা কাণ্ড, বন্যাৰ্তৰ পিঠিত উঠি বান পৰিদৰ্শন শিবু মিশ্ৰৰ…

ৰাজ্যত অব্যাহত আছে বলিয়া বানৰ সংহাৰী ৰূপ।

বানত ককবকাইছে ৰাজ্যৰ প্ৰায় ২৬ খন জিলাৰ লাখ লাখ লোকে।

ডিমা হাচাও, হোজাই, কাছৰ আদিত বন্যাৰ্তৰ মাজত এতিয়া হাহাকাৰময় পৰিৱেশ।

ইতিমধ্যে বন্যাৰ্তৰ বুজ লৈ যথাসম্ভৱ সহায় কৰিবলৈ সকলো মন্ত্ৰী বিধায়কক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।

কিন্তু ইয়াৰ মাজতে এক লাজলগা কাণ্ড সংঘটিত কৰিছে লামডিঙৰ বিজেপি বিধায়ক শিবু মিশ্ৰই।

বিধায়কগৰাকীয়ে হোজাইত বন্যাৰ্তৰ পিঠিত উঠি বান পৰিদৰ্শন কৰা দৃশ্যই এতিয়া সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে।

লাখ লাখ লোকে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰি থকা অৱস্থাত জনপ্ৰতিনিধি এগৰাকীৰ এই কাণ্ডক এতিয়া সকলোৱে ধিক্কাৰ জনাইছে।

ইপিনে ঘটনা সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয় যে, গা বেয়া বাবেহে এনেদৰে পাৰ হৈছিলো।

Leave a Reply

Your email address will not be published. Required fields are marked *